/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1c59343c-db98-4278-92de-a95ea9c404d5/156.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নমিনেচনৰ অন্তিম দিন আছিল শনিবাৰ। শনিবাৰে দিনৰ ১২ বজাত নমিনেচন জমা দিয়াৰ অন্তিম সময় আছিল যদিও নিৰ্দিষ্ট সময়ত ABVP প্ৰাৰ্থী সকলে নমিনেচন দিবলৈ উপস্থিত হ'ব নোৱাৰিলে।
ৰাষ্টাৰে সমদল কৰি আহি থাকোতে সময়ত আহি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এভিবিপি)ৰ প্ৰাৰ্থীসকলে নমিনেচন জমা দিব নোৱাৰিলে । তাকে লৈ মহাবিদ্যালয়খনত উত্তেজনাই বিৰাজ কৰে।
এই ঘটনা সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই এ বি ভি পিৰ প্ৰাৰ্থীসকলৰ নমিনেচন গ্ৰহণ নকৰিলে আন্দোলন কৰাৰ হুংকাৰ দিয়ে। ইতিমধ্যে নমিনেচন জমা দিয়া প্ৰাৰ্থীসকলে নিৰ্বাচনী নিয়ম মতে সকলো হ'ব লাগিব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষক দাবী জনায়।
এই সমগ্ৰ কাণ্ডত বিপাঙত পৰে মহাবিদ্যালয় কৰ্তৃপক্ষ। বাৰে বাৰে অধ্যক্ষৰ কোঠাত বৈঠক অনুষ্ঠিত কৰিও কোনো সুস্পষ্ট সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই মঙলদৈ মহাবিদ্যালয় কতৃপক্ষই।
অৱশেষত কলেজ কৰ্তৃপক্ষ আৰু নিৰ্বাচন কমিটীয়ে নিৰ্বাচনৰ কাম সাময়িকভাৱে স্থগিত কৰে। কিন্তু একাংশ ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয়ৰ এই সিদ্ধান্তত অমান্তি হয় আৰু অধ্যক্ষৰ কোঠাৰ সন্মুখত ধৰ্ণা দিয়ে।
Also Read: চকুপানীৰে বাট নেদেখা হৈছে একালৰ সুদক্ষ খেলুৱৈ আতাউৰ ৰহমানৰ