মায়ঙত বিধ্বংসী অগ্নিকাণ্ড...

মায়ঙত বিধ্বংসী অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
মায়ঙত বিধ্বংসী অগ্নিকাণ্ড...

মায়ঙত বিধ্বংসী অগ্নিকাণ্ড...

ডিজিটেল সংবাদ মায়ংঃ মায়ঙৰ কপৌজাৰীত আজি সন্ধিয়াৰ ভাগত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৪ টা কৈ ঘৰ আৰু কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে মৰিগাঁও জিলাৰ মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত কপৌজাৰী গাঁৱৰ ৰিয়াছউদ্দিন নামৰ এজন লোকৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয়।  বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

অগ্নিকাণ্ডৰ ফলত কিতাপ পত্ৰৰ পৰা আৰম্ভ কৰি ভঁড়ালত থকা ধান- চাউল,সোণ,ৰূপৰ আ-অলংকাৰ, নগদ ধন,  মূল্যবান নথিপত্ৰকে ধৰি ঘৰৰ সকলো সামগ্ৰী জুইত জাহ  গৈছে। স্বানীয় ৰাইজে ততাতৈয়াকৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি সফল হয় যদিও কোনো এপদ সামগ্ৰীয়েই জুইৰ লেলিহান শিখাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।

Also Read: তিৱা সাহিত্যিক হৰচিংশ খলাৰক সাহিত্য অকাডেমিৰ ভাষা সন্মান, খলাৰকলৈ "বহুবাক"ৰ অভিনন্দন..

অগ্নিকাণ্ড