/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/51c8e4af-d28f-427c-bb21-bbfcebdb8176/raha_6.jpg)
ৰহাৰ মিলনপুৰত পুৱাই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু এজনৰ
ডিজিটেল ডেস্কঃ ৰহাৰ মিলনপুৰত বুধবাৰে পুৱাই সংঘটিত হয় এক কৰুণ ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় এজন লোকৰ। মৃত ব্যক্তিজনৰ নাম শিশুৰাম নাথ ওৰফে অকন নাথ।
জানিব পৰা মতে লোকজনৰ ঘৰৰ সন্মুখতে থকা বিদ্যুৎ পৰিবাহী তাঁৰ কাটিবলৈ যাওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ পিছতে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
উল্লেখ্য যে, বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কিয়নো শিশুৰাম নাথৰ ঘৰৰ সন্মুখতে বিদ্যুৎ বিভাগে উন্মুক্তভাৱে স্থাপন কৰিছে এটা ট্ৰান্সফৰ্মাৰ। এই ট্ৰান্সফৰ্মাৰে কঢ়িয়াই আনিছে বিপদৰ আশংকা। স্থানীয় ৰাইজে ট্ৰান্সফৰ্মাৰটো নিৰাপদ স্থানত স্থাপন কৰিবলৈ দাবী জনাই আহিছিল যদিও এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰিলে। একেদৰে ইয়াৰ সুৰক্ষাৰ দিশটোৰ প্ৰতিও কৰি আছে আওকান।