অৰূপ মান্নাৰ সমৰ্পণলৈ আন্তঃৰাষ্ট্ৰীয় সুনাম...

বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত সমৰ্পণ
অৰূপ মান্নাৰ সমৰ্পণলৈ আন্তঃৰাষ্ট্ৰীয় সুনাম...
অৰূপ মান্নাৰ সমৰ্পণলৈ আন্তঃৰাষ্ট্ৰীয় সুনাম...

ডিজিটেল সংবাদ নগাঁও: 'সমৰ্পণ' ৰ সফলতা ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লভি নগাঁৱক গৌৰাম্বিত কৰিছে চিনেমা 'সমৰ্পণে' ৷ চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাৰ কষ্টৰ ফচল এই সমৰ্পণ৷

কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰিমিয়াৰত এই চিনেমাখনি প্ৰদৰ্শিত হোৱাৰ পিছত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে সমৰ্পণ৷ একেদৰে মণিপুৰৰ উত্তৰ-পূব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাৰ শিতানৰ বাবে চিনেমাখনি নিৰ্বাচিত হৈছে ৷

এটি স্পৰ্শকাতৰ গ্ৰাম্য পৰিবেশক লৈ নিৰ্মাণ কৰা হৈছে সমৰ্পণ ৷ দুৰ্গম গ্ৰাম্য পৰিবেশত মহিলা কেনেদৰে একাংশ লোকৰ হাতত বলি হ'বলগা হয় নিৰ্যাতিত হ'বলগা হয় তাক তুলি ধৰা হৈছে ৷

নবোমিতা বৰঠাকুৰে প্ৰযোজনা কৰা সমৰ্পণৰ কাহিনী গল্পকাৰ শিবানন্দ কাকতীৰ ৷ অভিনয়ৰ মুখ্য চৰিত্ৰত আছে শিখা হাজৰিকা আৰু অশোক সিং৷ সহযোগীৰ ভূমিকাত সপোনটি বৰদলৈ মুকুল বৰঠাকুৰ প্ৰানজিৎ গোস্বামী ৷

অৰূপ মান্নাৰ সমৰ্পণলৈ আন্তঃৰাষ্ট্ৰীয় সুনাম...
কলকাতাত উদ্বোধন হ'ল দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ' সেৱা প্ৰকল্প...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in