/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b4d28c0a-7ff8-4f54-adeb-460b09f5b5f3/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দেওবাৰে মৰিগাঁও জিলাত অসম চৰকাৰৰ অভিলাষী কাৰ্যসূচী 'মিছন বসুন্ধৰা-২'ৰ কাৰ্য ৰূপায়নৰ অগ্ৰগতি সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। আগবেলা মৰিগাঁও আৱৰ্ত ভৱনত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত বিমান দাসৰ লগতে জিলাখনৰ পাঁচোটা ৰাজহ চক্ৰ মৰিগাঁও, মায়ং, লাহৰিঘাট, মিকিৰভেটা আৰু ভূৰাগাঁৱৰ চক্ৰ বিষয়াকেইগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ তেওঁ মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়।
ৰাজ্যখনৰ ভূমিহীন পৰিয়ালসমূহক বছৰ বছৰ ধৰি নিজৰ দখলত থকা ভূমিৰ অধিকাৰ প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাৰ্য ৰূপায়নৰ ব্যৱস্থা কৰা মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত মৰিগাঁও জিলাত আবেদন কৰা পৰিয়ালসমূহৰ আবেদন পত্ৰসমূহ পৰীক্ষণ কৰি ভূমি বন্দোৱস্তি প্ৰদানৰ বাবে জিলা আয়ুক্তৰ তত্ত্বাৱধানত জিলা প্ৰশাসন তথা ৰাজহ বিভাগে ক্ষিপ্ৰতাৰে কাম-কাজ চলাই আছে। ইতিমধ্যে জিলাখনৰ ভূমিহীন পৰিয়ালসমূহৰ আবেদন পত্ৰ বিবেচনাৰ বাবে যোৱা ৭ আগষ্ট, ২০ ছেপ্তেম্বৰ আৰু ৩০ ছেপ্তেম্বৰত জিলা আয়ুক্তৰ অধ্যক্ষতাত মৰিগাঁও মহকুমা ভূমি উপদেষ্টা সমিতিৰ ৩খনকৈ বৈঠকো অনুষ্ঠিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/acacdec6-656d-4183-aed3-98f49cfbb001/6a4e742f_647d_42ab_87b2_a3ef20996a48.jpg)
এই তিনিওখন বৈঠকত মহকুমা ভূমি উপদেষ্টা সমিতি (এছ ডি এল এ চি)য়ে বিবেচনা কৰা ভূমি বন্দোৱস্তি প্ৰস্তাৱকলৈ বৈঠকত অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) আৰু চক্ৰ বিষয়াসকলৰ সৈতে বিতং ভাৱে আলোচনা কৰে। মন্ত্ৰী মহন্তই দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অধীনত মৰিগাঁও মহকুমা ভূমি উপদেষ্টা সমিতিৰ দ্বাৰা গৃহীত ভূমি বন্দোৱস্তিৰ প্ৰস্তাৱৰাজি খৰচি মাৰি পৰ্যালোচনা কৰি অভিভাৱক মন্ত্ৰী হিচাপে অনুমোদন আগবঢ়ায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us