দুদিন ধৰি নিৰুদ্দেশ মায়ঙৰ যুৱ ব্যৱসায়ী কাছেম আলী

৫০ হাজাৰ টকা লৈ পত্নীক মাত লগাই মৰিগাঁও লৈ ওলাই গৈছিল তেওঁ, শুকুৰবাৰৰ পৰা চুইচ অফ কাছেমৰ ম'বাইল।
দুদিন ধৰি নিৰুদ্দেশ মায়ঙৰ যুৱ ব্যৱসায়ী কাছেম আলী

ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ পাভকাতিৰ এজন বিবাহিত পুৰুষ দুদিন ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হৈ থকা লোকজনৰ নাম কাছেম আলী।

ঠিকাদাৰ এছাহক আলীৰ পুত্ৰ ৩৬ বছৰীয়া যুৱ ব্যৱসায়ী কাছেম আলী ২৩ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। জানিব পৰামতে কাছেমে পত্নীক মাত লগাই শুকুৰবাৰে পুৱা প্ৰায় ৯-০০ বজাত নিজৰ পালচাৰ বাইকখনেৰে ঘৰৰ পৰা মৰিগাঁও লৈ বুলি ওলাই গৈছিল।

পত্নীয়ে জনোৱা অনুসৰি কাছেমে লগত লৈ গৈছিল নগদ ৫০ হাজাৰ টকা, কিন্তু উক্তদিনা বিয়লি ৩-০০ বজাৰ পৰা স্বামীৰ সতে যোগাযোগ কৰিব পৰা নাই। যোৱা দুদিন ধৰি ম'বাইলৰ চুইটচ অফ।

ইয়াৰ পাছতেই হাহাকাৰ লাগে পৰিয়ালৰ মাজত। ক'ত গ'ল কাছেম আলী কোনেও নাজানে। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

চিন্তাত পৰিছে পত্নী, পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক। উল্লেখযোগ্য যে গাগলমাৰী সমবায় সমিতিৰো এজেণ্ট কাছেম আলী। মায়ং থানাত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। সম্প্ৰতি কাছেমক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে।

দুদিন ধৰি নিৰুদ্দেশ মায়ঙৰ যুৱ ব্যৱসায়ী কাছেম আলী
'আমি অসমীয়া এচোছিয়েচন'ৰ উল্লেখনীয় পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in