/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9744324a-c609-40d7-9951-ec7daffbcda4/343.jpg)
ডিজিটেল ডেস্ক : বিগত ভালেকেইটাদিনত 'আমি অসমীয়া এচোছিয়েচনে' গ্ৰহণ কৰিছে আহিছে উল্লেখনীয় পদক্ষেপ। সংস্থাটোৰ এই যাত্ৰাৰ অংশস্বৰূপে ২৩ ফেব্ৰুৱাৰী শনিবাৰে ছালাৰপুৰ গাঁৱৰ নয়দাস্থিত বাৰ্কো শক্তি বিদ্যালয়ত ১৫০ জনতকৈ অধিক অসুবিধাগ্ৰস্ত শিশুক খাদ্য যোগান ধৰাৰ আন এক উদাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d8f5a02d-42b6-4afb-aa02-d75ff41c4d14/73c5a7f2_8a39_4c9d_8965_ba8a3e16226f.jpg)
উল্লেখ্য যে সংস্থাটোৰ জন্মৰে পৰা সমাজ কল্যাণৰ বাবে নিষ্ঠাৰে কাম কৰি আহিছে। এতিয়ালৈকে এনে বহু উদ্যোগ লোৱাৰ কথাও কাৰ্যকৰ্তাই জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fc425834-264e-4204-ba52-76f34b34e119/00237a9c_62db_4041_b42c_a77252075bd7.jpg)
এই সন্দৰ্ভত সংগঠনটোৰ সভাপতি গৌতম শৰ্মাই কয়- "আমি অসুবিধাগ্ৰস্ত লোকসকলক যিমান পাৰো সহায় আগবঢ়োৱাৰ বাবে সংগঠিত হৈছিলো। আমি দৰিদ্ৰ আৰু অসুবিধাগ্ৰস্ত লোকক সহায় কৰাৰ যাত্ৰাত আছো। আমি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা লোকসকলৰ বাবেও প্ৰয়োজনীয় সহায় কৰিবলৈ তৎপৰ।" বুলি মন্তব্য কৰে।
Also Read: আঁকোৰগোজ শিক্ষক ! পথ নিৰ্মাণৰ বাবে এৰি নিদিয়ে মাটি,ৰাইজে ল'লে এই সিদ্ধান্ত...