মৰিগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ মৃত্যু...

মৰিগাওঁ সমষ্টিৰ পৰা বিধায়িকা হিচাপে প্ৰতিনিধিত্ব কৰা ও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী জোনজোনালী বৰুৱাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
মৰিগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ মৃত্যু...

ডিজিটেল সংবাদ, মায়ং : মৰিগাওঁ সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়িকা হিচাপে প্ৰতিনিধিত্ব কৰা তথা মৰিগাওঁ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী জোনজোনালী বৰুৱাৰ মৃত্যু। প্ৰায় এমাহ ধৰি জি এম চি এইছত চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে পুৱা ৭ বজাত ইহসংসাৰ ত্যাগ কৰে প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।

Advertisment

সভানেত্ৰীগৰাকীৰ মৃত্যুত সমগ্ৰ মৰিগাঁও জিলাতে শোকৰ ছাঁ পৰে। ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা, মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব আছিল জোনজোনালী বৰুৱা। বৰুৱানীৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে৷ তেখেতৰ মৃত্যুত কংগ্ৰেছ দলৰ লগতে সমাজৰ এক অপূৰণীয় ক্ষতি বুলি মত পোষণ কৰে প্ৰদেশ কংগ্ৰেছ কমিতিয়ে।

Also Read: গহপুৰত সদৌ অসম সাংবাদিক সন্থাৰ বৈঠক: দায়িত্বভাৰ ল'লে নতুন সমিতিয়ে...

Assam Pradesh Congress Commitee