
ডিজিটেল সংবাদ, গহপুৰ : সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ অধীনত গহপুৰ মহকুমা সাংবাদিক সন্থাৰ নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিখনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে। সন্থাৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অপূৰ্ব বৰা আৰু ৰঞ্জিত শইকীয়াৰ উপস্থিতিত গহপুৰত অনুষ্ঠিত হয় এই যুটীয়া বৈঠক।
বৈঠকত কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে নৱগঠিত গহপুৰ মহকুমা সাংবাদিক সন্থাক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰে। সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা গহপুৰ মহকুমা সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা ভুৱন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বৈঠকত পল্লৱ বৰাক সভাপতি আৰু বিপ্লৱ নেওগক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা ১৭ জনীয়া নতুন সমিতিখনে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ চমজি লয়।