/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a4abde46-709e-4b8f-a0b1-5f08cceef645/mayomgggg.jpg)
ডিজিটেল সংবাদ, মায়ং : মৰিগাঁও জিলাৰ মায়ঙৰ গাগলমাৰীত শনিবাৰে জাগীৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু গাগলমাৰী মণ্ডল কংগ্ৰেছৰ সহযোগত অভিনন্দন অনুষ্ঠান। মায়ং জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৮ খন গাঁও পঞ্চায়তৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। জাগীৰোড ব্লক কংগ্ৰেছৰ সভাপতি মোহন দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখন।
উক্ত সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক স্বপন কুমাৰ মণ্ডল, মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বীৰ কুমাৰ কোঁৱৰ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছামছুদ্দিন আহমেদ, জাগীৰোড ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইন, ব্লক যুৱ কংগ্ৰেছৰ উপাধ্যক্ষ, সভাপতি আনোৱাৰ হুছেইনকে আদি কৰি দলীয় নেতা-কৰ্মীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/64d37de9-a1ca-4111-9d8f-61e754e9f94d/de958778_06f2_4fcb_b804_80fa6f3754fd.jpg)
সভাখনৰ আদৰণি অনুষ্ঠানৰ আঁত ধৰে গাগলমাৰী পঞ্চায়তৰ প্ৰাক্তন সভাপতি জাকিৰ হুছেইনে। সভাত ডিষ্টিংচন আৰু ষ্টাৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক গামোছা, মানপত্ৰ আৰু কলমেৰে অভিনন্দন জনোৱা হয়। উল্লেখ্য সভাত কেইবাখনো হাইস্কুলৰ প্ৰধান শিক্ষক উপস্থিত থাকে।
Also Read: লিডুৰ অবৈধ কয়লাখনি পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিৰ...