জাগীৰোড শাখা আবৃত্তি পৰিষদ গঠন...

জাগীৰোড শাখা আবৃত্তি পৰিষদ গঠন...

ডিজিটেল সংবাদ মায়ংঃ অসম আবৃত্তি পৰিষদৰ অন্তৰ্গত মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ এটা শাখা গঠনৰ উদ্দেশ্যে আজি জাগীৰোডৰ কলা মন্দিৰত 'আহাৰৰ আমোলন আবেলি ' শীৰ্ষক কাব্যানুষ্ঠানৰ লগতে সভা এখন অনুষ্ঠিত হয়। জাগীৰোড স্বৰ্ণ শাখা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি হৰমোহন কলিতাই সঞ্চালনা কৰা সভাখনত মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ সভাপতি ড° উৎপল নাথ, সম্পাদক নজৰুল ইছলামে অসম আবৃত্তি পৰিষদৰ লক্ষ্য- উদ্দেশ্য সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ লগতে জিলা পৰ্যায়ত শাখা গঠন, কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে।

সভাৰ আৰম্ভণিতে গীতামণি দাস পাটৰে পথাৰ কবি ৰাম গগৈৰ 'পথাৰ' কবিতাটি আবৃত্তি কৰে। জাগীৰোড শাখা সাহিত্য সভাৰ সম্পাদক স্তুতিপ্ৰসাদ বৰা, মৰিগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি অনিৰুদ্ধ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ড° নিশিগন্ধা তালুকদাৰক সভানেত্ৰী, অবন্তি কুমাৰ বৰাক উপ সভাপতি, মানসজ্যোতি ভূঞাক সাধাৰণ সম্পাদক, গীতামণি দাস পাটৰক যুটীয়া সম্পাদক আৰু হিমাক্ষি বৰাক কোষাধ্যক্ষ হিচাপে লৈ জাগীৰোড শাখা আবৃত্তি পৰিষদ গঠন কৰা হয়।

আনহাতে মৰিগাঁও জিলা আবৃত্তি পৰিষদৰ মুখপাত্ৰ ৰাজীৱ চহৰীয়াই আঁত ধৰা 'আহাৰৰ আমোলন আবেলি' কাব্যানুষ্ঠানত ৰিভা ভৰালী ডেকা,বন্দনা দাস, চেনেহী ডেকা, পূৰ্ণিমা গোস্বামী, অবিনাশ মহন্ত, প্ৰিয়ংকা শইকীয়া, ট্ৰেজিন বৰা প্ৰমুখ্যে জাগীৰোডৰ কেইবাগৰাকীও ন-পুৰণি কবিয়ে কবিতা পাঠ আৰু আবৃত্তি কৰি অনুষ্ঠানটি জীপাল কৰে।

জাগীৰোড শাখা আবৃত্তি পৰিষদ গঠন...
হোজাইত গুলীচালনাৰ ঘটনাঃ এজন আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in