Advertisment

প্ৰসংগ-"কনকলতা বিশ্ববিদ্যালয়"ৰ বাবে দক্ষিণপাট সত্ৰই আগবঢ়োৱা ভূমি...

সন্মতি পত্ৰ, ট্ৰেছ মেপসহ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিবক সাক্ষাৎ ছয়দুৱাৰৰ ৮জনীয়া প্ৰতিনিধি দলৰ...

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-"কনকলতা বিশ্ববিদ্যালয়"ৰ বাবে দক্ষিণপাট সত্ৰই আগবঢ়োৱা ভূমি...

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ বীৰাংগনা কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ গাতে লাগি থকা গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ৪নং লাটৰ অফৰাখাট(ঘাঁহিগাঁও)ত থকা মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ প্ৰায় ৫৫০ বিঘা মাটি প্ৰস্তাৱিত "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ বাবে মুক্ত মনেৰে আগবঢ়াবলৈ সত্ৰৰ সত্ৰাধিকাৰে সন্মতি প্ৰদান কৰে। ইয়াৰ পিছত সমগ্ৰ বিষয়টোৱে এতিয়া এক নতুন গতি লাভ কৰিছে। এই ইতিবাচক খবৰটোক লৈ গহপুৰবাসী ৰাইজ উৎসাহিত হৈ থকাৰ সময়তে ছয়দুৱাৰ অঞ্চলৰ ৮জনীয়া এটি প্ৰতিনিধি দলে শুকুৰবাৰে সাক্ষাৎ কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব শ্ৰীশ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীক।

Advertisment

"কনকলতা বিশ্ববিদ্যালয়"ৰ বাবে প্ৰয়োজনীয় ভূমি আগবঢ়োৱাৰ ক্ষেত্ৰত সত্ৰই প্ৰদান কৰা সন্মতিপত্ৰ আৰু উক্ত ভূমিৰ ট্ৰেছ মেপসহ সাক্ষাৎ কৰা প্ৰতিনিধি দলটোৱে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ঘাঁহিগাঁও চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে অফৰাখাটৰ ৪ নং লাটৰ সত্ৰৰ ভূমিৰ ভৌগোলিক অৱস্থানৰ বিষয়ে প্ৰধান সচিবগৰাকীক বুজাই কয়। তাৰোপৰি এই প্ৰসংগত উভয় পক্ষৰ মাজত এক সৌহাৰ্দপূৰ্ণ আলোচনা হয়। প্ৰধান সচিবগৰাকীৰ সন্মতি সূচক সঁহাৰি মৰ্মে ছয়দুৱাৰৰ প্ৰতিনিধি দলটোৱে শনিবাৰে বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱক সাক্ষাৎ কৰি সমগ্র বিষয়টো লিখিত ভাৱে অৱগত কৰে।

জিলা আয়ুক্তগৰাকীয়েও প্ৰতিনিধি দলটোৰ সাক্ষাতক মান্যতা প্ৰদান কৰি বিষয়টোৰ ওপৰত এক গঠনমূলক আলোচনা কৰে। ইয়াৰ পূৰ্বে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাকো সাক্ষাৎ কৰি কনকলতা বিশ্ববিদ্যালয়ৰ বাবে শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰই ভূমি আগবঢ়োৱাৰ বাবে সন্মতি প্ৰদান কৰাৰ বিষয়টো আনুষ্ঠানিকভাৱে অৱগত কৰিছিল বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিক, বৌদ্ধিক আৰু শৈক্ষিক সমাজৰ এটা দলে। সাক্ষাৎকালত বিধায়ক উৎপল বৰাই এই বিষয়টো ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিবক অৱগত কৰিবলৈ কোৱাত শুকুৰবাৰে ৮জনীয়া প্ৰতিনিধি দলটো উপস্থিত হয়গৈ প্ৰধান সচিব ত্ৰিপাঠীৰ ওচৰত।

বীৰাংগনা কনকলতা বৰুৱাৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁৰ নামত উৎসৰ্গা কৰা বিশ্ববিদ্যালয়খন গহপুৰ মহকুমাত স্থাপনৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰয়োজনীয় কাৰ্য্যব্যৱস্থাৰ বিষয়ে ইতিমধ্যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাবে ঘোষণা কৰিছে। "কনকলতা বিশ্ববিদ্যালয়"খন অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ বিশ্ববিদ্যালয় হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছত গহপুৰ মহকুমাৰ ৰাইজ উৎফুল্লিত হৈ থকাৰ সময়তে "কনকলতা বিশ্ববিদ্যালয়"ৰ বাবে মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰই প্ৰায় ৫৫০ বিঘা ভূমি স্বেচ্ছাই আগবঢ়াবলৈ আগবাঢ়ি অহা যোগাত্মক খবৰে যথেষ্ট উৎসাহিত কৰি তুলিছে গহপুৰবাসী ৰাইজক। উল্লেখযোগ্য যে- মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে যিহেতু উক্ত বিশ্ববিদ্যালয়খন অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ বিশ্ববিদ্যালয় হ'ব, তেনেক্ষেত্ৰত বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে উপযুক্ত ভৌগোলিক পৰিৱেশৰ প্ৰায় ৫৫০ বিঘা মাটিৰ প্ৰয়োজন হ'ব।

বিশ্ববিদ্যালয়খন স্থাপনৰ ক্ষেত্ৰত একেঠাইতে ইমান পৰিমাণৰ মাটি পোৱাতো এক অসুবিধাজনক বিষয় যদিও এই অসুবিধা দূৰ কৰি কনকলতা বিশ্ববিদ্যালয়ৰ বাবে প্ৰয়োজন হোৱা প্ৰায় ৫৫০ বিঘা মাটি মুক্ত মনেৰে আগবঢ়াবলৈ আগবাঢ়ি অহাত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ কৰ্তৃপক্ষক সাধুবাদ দিছে সচেতন মহলে। উল্লেখ্য যে, গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ঘাঁহিগাঁও চাৰিআলিৰ উত্তৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ অফৰাখাট(৪ নং লাট)ত শ্ৰীশ্ৰী দক্ষিণ পাট সত্ৰৰ প্ৰায় ৬২৫ বিঘা মাটি(লাখেৰাজ) আছে । বীৰাংগনা কনকলতা বৰুৱাৰ জন্মভূমি বৰঙাবাৰীৰ গাতে লাগি থকা অফৰাখাটৰ উক্ত লাখেৰাজ ভূমিত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি বিচাৰি শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত ৰাইজে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সত্ৰাধিকাৰে অসম চৰকাৰ আৰু ৰাইজৰ এই উদ্দেশ্যক সাফল্যমণ্ডিত কৰি তুলিবলৈ নিষ্ঠাৰে আগবাঢ়ি আহিছে।

কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ বাবে উপযুক্ত ভৌগোলিক অৱস্থান থকা উক্ত ভূমি দান কৰাৰ ক্ষেত্ৰত যোগাত্মক সঁহাৰি জনাই শ্ৰীশ্ৰী দক্ষিণপাটীয় সত্ৰাধিকাৰ গোস্বামীৰ হৈ প্ৰদুন্ন্য দত্তই ইতিমধ্যে হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত এখন লিখিত আবেদন দাখিল কৰিছে। উক্ত ভূমিৰ নৱীকৰণকৃত ৰায়তৰ তালিকা, ভূমিৰ মানচিত্ৰ আৰু ছীঠা বহীৰ নকল বিচাৰি জনোৱা আবেদনখনত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ভূমি দান কৰিব পাৰিলে তেওঁলোক কৃতাৰ্থ হ'ব বুলি উল্লেখ কৰিছে।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উপযুক্ত ভৌগোলিক পৰিৱেশৰ ইমান মাটি একেলগে পোৱাৰ পিছত "কনকলতা বিশ্ববিদ্যালয়" স্থাপনৰ বিষয়টোক চৰকাৰ, প্ৰশাসনে কিমান খৰতকীয়াকৈ আগবঢ়াই নিব পাৰে সেয়া এতিয়া নিত্যান্তই লক্ষণীয় বিষয় হৈ পৰিছে।উল্লেখযোগ্য যে প্ৰথম পৰ্য্যায়ত সত্ৰৰ উক্ত ভূমিত ভোগ দখল কৰি থকা স্থানীয় ৮গৰাকী ব্যক্তিয়ে কনকলতা বিশ্ববিদ্যালয়ৰ বাবে দখলীকৃত ভূমি এৰি দিয়াত আপত্তি নাই বুলি শপতনামা দাখিল কৰিছে। পৰৱৰ্তী সময়ত এই শপতনামাৰ তালিকা আৰু দীঘলীয়া হ'ব বুলি জানিব পৰা গৈছে ।

Also Read: নগাঁৱত ৰঙ্গমঞ্চ শিল্পী বঁটা-২০২৩ গ্ৰহণ যতীন চৌধুৰী, মনোজ বৰদলৈৰ

GOVT OF ASSAM