মোবাইলত কথা পাতি থকাৰ মাজতে কিয় হঠাতে ছাত্ৰীয়ে জপিয়ালে বিল্ডিঙৰ পৰা?

মোবাইলত কথা পাতি থকাৰ মাজতে কিয় হঠাতে ছাত্ৰীয়ে  জপিয়ালে বিল্ডিঙৰ পৰা?

ডিজিটেল সংবাদ,মায়ং: মৰিগাঁও জিলাৰ মায়ঙৰ বৰবৰী মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে সংঘটিত হয় এক অঘটন। পথৰ কাষতে বিদ্যালয়ৰ দুই মহলীয়া এটা নিৰ্মীয়মান বিল্ডিঙৰ পৰা একাদশ শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে গাগলমাৰী অঞ্চলত।

জানিব পৰা মতে এজন যুৱকৰ সৈতে মোবাইলত কথা পাতি থাকোতে হঠাতেই নিৰ্মীয়মান অট্টালিকাৰ পৰা জঁপিয়াই ছাত্ৰীগৰাকীয়ে। তলত বিল্ডিঙৰ নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ থকা শ্ৰমিক আৰু দুজন ছাত্ৰই ঘটনাটো দেখি হতভম্ব হৈ পৰে।লগে লগে হুৱা দুৱা লাগে বিদ্যালয়ৰ ভিতৰে বাহিৰে।

প্ৰত্যক্ষদৰ্শী সকলে ততাতৈয়াকৈ এখন বাহনেৰে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।পৰিয়ালৰ লোকে জনোৱা মতে ৰাজ হাড় আৰু ভৰি এখন ভঙা বুলি নিশ্চিত হৈছে।

ছাত্ৰী গৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত মায়ং থানাত এজাহাৰ দাখিল কৰিছে।অৱশ্যে মোবাইলত কথা পাতি থাকি কি কাৰণত হঠাত এনেধৰণৰ এই অপচেষ্টা চলালে সেই তথ্য এতিয়াও জানিব পৰা হোৱা নাই।বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে জনোৱা মতে আজিৰ পৰা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হোৱাৰ বাবে একাদশ শ্ৰেণীৰ পাঠদান বন্ধ হৈ আছে।তাৰ পিছতো কিয় ছাত্ৰী গৰাকী বিদ্যালয়ত গৈছিল সেই কথা অৱগত নহয় কোনো এজন শিক্ষক বা সহপাঠী।

মোবাইলত কথা পাতি থকাৰ মাজতে কিয় হঠাতে ছাত্ৰীয়ে  জপিয়ালে বিল্ডিঙৰ পৰা?
কঠীয়াতলীত পথ দুৰ্ঘটনা, আহত দুজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in