মৰিগাঁৱৰ বানমূৰীত মৰাপাটৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

মৰিগাঁও জিলাৰ ভুৰাগাও থানাৰ অন্তৰ্গত গেৰুৱা বানমুৰীত মৰাপাটৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱৰ বানমূৰীত মৰাপাটৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ ভুৰাগাও থানাৰ অন্তৰ্গত গেৰুৱা বানমুৰীত মৰাপাটৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত পুৰি চাৰখাৰ হৈছে গুদামত মজুত থকা শ শ মেট্ৰিকটন মৰাপাট। জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি লৈছে গুদামকেইটা। গুদামৰ ভিতৰে বাহিৰে এতিয়াও জুই জ্বলি আছে। প্ৰায় দুই ঘন্টা ধৰি দাউদাউকৈ জ্বলি থকা জুই নিৰ্বাপন কৰিবলৈ এইপৰ্যন্ত সক্ষম হোৱা নাই ।

ইতিমধ্যে মৰিগাঁও, মৈৰাবাৰী ,ধিং, গুৱাহাটী চন্দ্ৰপুৰৰ পৰা অগ্নি নিৰ্বাপক গাড়ী জুই নুমোৱাবলৈ ঘটনাস্থলিত উপস্থিত হৈছে।সআৰক্ষী প্ৰশাসনৰ লগতে এছ ডি আৰ এফ, এন ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। স্থানীয় ৰাইজৰ মাজত আতংক বৃদ্ধি হৈছে। এইপৰ্যন্ত অগ্নিকাণ্ড কেনেকৈ সূত্ৰপাত হ'ল কোনো তথ্য জানিব পৰা নাই।চৰকাৰৰ অধীনত থকা এই বৃহদাকাৰ গুদামত কোনোবাই ষড়যন্ত্ৰ কৰি জুই লগোৱা বুলিও বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰিছে।

Also Read: পুলৱামাৰ ছহিদক সোঁৱৰি চিআৰপিএফৰ মুখ্য শিবিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

morigaon fire case