পুলৱামাৰ ছহিদক সোঁৱৰি চিআৰপিএফৰ মুখ্য শিবিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

পুলৱামাৰ ছহীদক সোঁৱৰি চিআৰপিএফৰ মুখ্য শিবিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
পুলৱামাৰ ছহিদক সোঁৱৰি চিআৰপিএফৰ মুখ্য শিবিৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিজিটেল সংবাদ, মেৰাপানীঃ জম্মু কাশ্মীৰৰ পুলৱামাত ২০১৯ চনত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৪০ জনকৈ চি আৰ পি এফৰ মৃত্যু হোৱা ঘটনা সোঁৱৰি বুধবাৰে সন্ধিয়া মেৰাপানীস্থিত ১৪২ নং চি আৰ পি এফৰ মুখ্য শিৱিৰত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ দিনটোত চি আৰ পি এফৰ বাৰে এক ক'লা দিন বুলি অভিহিত কৰি সতীৰ্থ বীৰ শ্বহীদ সকলৰ ত্যাগ আৰু বলিদানক সোঁৱৰি মেৰাপানীত চি আৰ পি এফ জোৱান সকলে হাতে হাতে মম বাতি লৈ ৪০ গজ বন্তি প্ৰজ্বলন কৰে।

Advertisment

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ কথা সোঁৱৰণ কৰি চি আৰ পি এফৰ জোৱান সকল আৱেগিক হৈ পৰাৰ লগতে দেশৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ আত্মাৰ সদ্‌গতি কামনা কৰে। এই অনুষ্ঠানত ১৪২ নং চি আৰ পি এফৰ ডি চেক্টৰ কামাণ্ডাৰ শ্বাহজানৰ লগতে বিষয়ববীয়া শ্বহীদ সকলৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা জনায়।

Also Read: দুলীয়াজানৰ অইলৰ তৈলখাদত বিস্ফোৰণ, থিতাতে নিহত এজন, আহত কেইবাজনো