সমন্বয় মহিলা গোষ্ঠীৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা...

সমন্বয় মহিলা গোষ্ঠীৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা...
সমন্বয় মহিলা গোষ্ঠীৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা...
Published on
Updated on

ডিজিটেল সংবাদ মায়ংঃ ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জাগীৰোডৰ সমীপৱৰ্তী চতিয়াবড়ী গাঁৱৰ চাৰিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক দেওবাৰে সম্বৰ্ধনা জনোৱা হয়। চতিয়াবড়ীৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটি সঞ্চালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গজেন ডেকাই।

সমন্বয় মহিলা গোষ্ঠীৰ সাংস্কৃতিক সম্পাদিকা ৰেখামণি বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ আৰম্ভণিতে উদীয়মান গায়িকা মমী ডেকাই এটি গীত পৰিৱেশন কৰে। অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী ৰীণা ডেকা, সমাজ সংগঠক জয়ন্ত সাগৰ শইকীয়া, কবি তথা লেখক ৰাজীৱ চহৰীয়া, শিক্ষক প্ৰদীপ কুমাৰ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক বিজয়সিং ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দ্ৰোণজ্যোতি ডেকা আৰু নিৰ্মালী ডেকা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰিয়ংকা ডেকা আৰু কৌশিক ডেকাক গামোচা, জাপি, মানপত্ৰ আৰু গ্ৰন্থৰে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখযোগ্য যে, জ্যোতিনিৱাস হাইস্কুলৰ ছাত্ৰ দ্ৰোণজ্যোতি ডেকাই ৯৪.৩৩ শতাংশ নম্বৰ লাভ কৰি জাগীৰোড কেন্দ্ৰৰ ভিতৰতে তৃতীয় স্থান অধিকাৰ কৰি চতিয়াবড়ীলৈ গৌৰৱ কঢ়িয়াই আনিছে। অনুষ্ঠানত সমন্বয় মহিলা গোষ্ঠীৰ সভানেত্ৰী জ্যোতিপ্ৰভা বৰদলৈ, সম্পাদিকা মণিকা ডেকা, সাংস্কৃতিক সম্পাদিকা মঞ্জু ডেকা প্ৰমুখ্যে সংঘৰ বিষয়ববীয়া আৰু গাঁৱৰ ৰাইজ উপস্থিত থাকে।

সমন্বয় মহিলা গোষ্ঠীৰ উদ্যোগত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা...
সাৱধান, ভূটানে এৰিছে পানীঃ নামনিৰ নদীত বৃদ্ধি হৈছে জলস্তৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in