/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9893d5a0-22aa-4957-b533-9e2a1b71819d/21.jpg)
ডিজিটেল সংবাদ,মায়ং : মৰিগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ঐতিহ্যমণ্ডিত বৰপাক সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়টো বুধবাৰে পুৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয়। ১০৯ বৰ্ষত ভৰি দিয়া বৰপাক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতিৰ নৱ নিৰ্বাচিত সভানেত্ৰী পল্লবী মজুমদাৰে বৰপাক সাৰ্ব্ব্জনীন দুৰ্গোৎসৱৰ অস্থায়ী কাৰ্যালয়টিৰ ফিটা কাটি মুকলি কৰে।
ইয়াৰ পিচতে নাৰিকল ভাঙে সমিতিৰ উপদেষ্টা গোপাল ৰয়ে। কাৰ্যালয় মুকলিৰ পূৰ্বে মাংগলিক নীতি-নিয়ম পালন কৰা হয়। আনহাতে বৰপাক দুৰ্গাপূজাৰ অস্থায়ী কাৰ্য্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানত দুৰ্গাপূজা পৰিচালনা সমিতিৰ সদস্যাসকলৰ লগতে বৰপাক গাঁৱৰ ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/818cb6ee-9f03-451a-9a6a-a2ea2b77a50a/0bbfe69f_a967_4977_93eb_94e1720d9318.jpg)
উল্লেখযোগ্য যে, ১৪ অক্টোবৰ মহালয়াৰ পৰা অনুষ্ঠিত হ'বলগীয়া ১০ দিনীয়া বৰপাক সাৰ্ব্বজনীন দুৰ্গোৎসৱ এইবাৰ যুৱতীৰ দ্বাৰা গঠিত সমিতিয়ে পৰিচালনা কৰিব। মহালয়াৰ শোভাযাত্ৰাৰে আৰম্ভ হ'বলগীয়া দুৰ্গোৎসৱৰ কাৰ্যসূচীত চিকিৎসা শিবিৰ, গছপুলি ৰোপণ, মাৰাথন দৌৰ, গাঁৱত চাফাই অভিযান, পৰাম্পৰাগত খেল-ধেমালি, সপ্তমীত আধুনিক নৃত্য প্ৰতিযোগিতা, মহাষ্টমীত পম্পী পল্লৱীৰ সংগীতানুষ্ঠান আৰু মহানৱমীত প্ৰাঞ্জল পৰশৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হ'ব।
Also Read: মণিপুৰৰ মানৱ অধিকাৰ উলংঘাক লৈ ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ উদ্বিগ্নতা প্ৰকাশ
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us