মণিপুৰৰ মানৱ অধিকাৰ উলংঘাক লৈ ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ উদ্বিগ্নতা প্ৰকাশ

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ,বেকাজান : প্ৰায় ৩মাহ ধৰি চলি থকা গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত হোৱা মণিপুৰত মানৱ অধিকাৰৰ ভয়াৱহ উলংঘনক লৈ উদিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে। মণিপুৰত মানৱ অধিকাৰ উলংঘা কৰাৰ কাৰ্যসমূহৰ ভিতৰত যৌন হিংসা, ন্যায় বহিৰ্ভূত হত্যা, ঘৰ জ্বলাই দিয়া,বলপূৰ্বক স্থানচ্যুতি,নিৰ্যাতন, আৰু দুৰ্ব্যৱহাৰ আদি আছে।

শেহতীয়াকৈ গোষ্ঠী সংঘাতৰ সময়ত মণিপুৰৰ ভয়াৱহ পৰিস্থিতিত মানৱীয় সঁহাৰি নথকাৰ বিষয়টোক লৈ বিশেষজ্ঞসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। যোৱা মে' মাহৰ পৰা মূলতঃ হিন্দু প্ৰধান মেইটেই আৰু খ্ৰীষ্টান প্ৰধান কুকি জনগোষ্ঠীৰ মাজত এই ভয়ানক গোষ্ঠী সংঘাত চলি আছে ।

এই গোষ্ঠী সংঘৰ্ষত আগষ্টৰ মাজভাগলৈকে প্ৰায় ১৬০ জন নিৰীহ লোকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছে। য’ত গৰিষ্ঠসংখ্যক কুকি জনগোষ্ঠীৰ লোক । ইয়াৰোপৰি ৩০০ৰো অধিক লোক আহত হৈছে।

লাখ লাখ জনজাতীয় লোক বলপূৰ্বকভাৱে স্থানচ্যুত হয়। এই সংঘাতৰ ফলত হাজাৰ হাজাৰ ঘৰ, শ শ গীৰ্জা, কৃষিভূমি, শস্য, জীৱিকা আদিও ধ্বংস হৈছে। মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ আটাইতকৈ দুখজনক কথাটো হ’ল- কুকি জনগোষ্ঠীৰ মহিলা আৰু ছোৱালীক লক্ষ্য কৰি লোৱা হৈছে।

মানৱাধিকাৰ লংঘনৰ ভয়ংকৰ কাৰ্যসমূহৰ ভিতৰত আছে দলবদ্ধ ধৰ্ষণ, ৰাজহুৱা অপমান, প্ৰহাৰ, আনকি ভুক্তভোগীক জীৱিত অৱস্থাত জ্বলাই দিয়া ইত্যাদি। বিশেষজ্ঞসকলে আঙুলিয়াই দিছে যে, এই হিংসাক অনলাইন আৰু অফলাইনবুলি কৈ ঘৃণনীয় আৰু প্ৰৰোচনামূলক বাক্যবাণেৰে উচটনি দিয়া হৈছে ।

জনগোষ্ঠীয় আৰু ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে হিংসাক বৈধতা প্ৰদানৰ কৰা কাৰ্যত ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকল শংকিত হৈ পৰিছে। মণিপুৰৰ এই দুখজনক ঘটনাই ভাৰতৰ ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুসকলৰ নিৰাপত্তা অৱনতি ঘটা হিচাপে পৰিগণিত হৈছে ।

মণিপুৰত শাৰীৰিক আৰু যৌন হিংসা আৰু ঘৃণামূলক ভাষণ ৰোধ কৰাৰ ক্ষেত্ৰত আইন প্ৰয়োগকাৰী সংস্থাকে ধৰি ভাৰত চৰকাৰৰ লেহেমীয়া আৰু অপৰ্যাপ্ত সঁহাৰিক ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্যে মণিপুৰত অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মী সকলে গ্ৰহণ কৰা পদক্ষেপ আৰু পৰৱৰ্তী সময়ত ভাৰতৰ উচ্চতম ন্যায়ালয়ে পৰিস্থিতি সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যক আদৰণি জনাইছে।

কিন্তু ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে ন্যায়, জবাবদিহিতা আৰু ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে সময়মতে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষজ্ঞসকলে ভাৰত চৰকাৰক জৰুৰীভাৱে আহ্বান জনাইছে যে, সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য তীব্ৰতৰ কৰি তুলিব লাগে আৰু দোষীক জবাবদিহি কৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

প্ৰতিনিধিত্বমূলক ফটো
শুভলক্ষী দত্তক গ্ৰেপ্তাৰৰ দাবীত আমগুৰি-গেলেকী বাগিছাত প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in