মৰিগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন জিলা আয়ুক্তৰ

মৰিগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন জিলা আয়ুক্তৰ

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন জিলা আয়ুক্তৰ

ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ আয়ুক্ত তথা মৰিগাঁও নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেওবাৰে জিলাখনৰ মৰিগাঁও সদৰ,মায়ং,লাহৰীঘাট আদি অঞ্চলৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰৰ বাবে প্ৰয়োজনীয় ন্যূনতম সা-সুবিধা যেনে-খোৱাপানী, শৌচালয় আদিৰ সু-ব্যৱস্থাৰ দিশটো নিৰীক্ষণ কৰে।

Advertisment

উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও নিৰ্বাচন জিলাত অহা ২৬ এপ্ৰিলত অৰ্থাৎ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ সম্পন্ন হ'ব। জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে মৰিগাঁও নগৰত স্থাপন কৰা ষ্ট্ৰং ৰুমো পৰিদৰ্শন কৰে। নিৰ্বাচনৰ সময়চোৱাত বা ভোট গণনাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে। এইবাৰ মৰিগাঁও নিৰ্বাচন জিলাত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৯১১ টা।

Also Read: কলিয়াবৰত হাজাৰী ভাওনা-২০২৪

morigaon loksabha election