কলিয়াবৰত হাজাৰী ভাওনা-২০২৪

কলিয়াবৰত হাজাৰী ভাওনা-২০২৪

ডিজিটেল সংবাদ, কলিয়াবৰঃ শংকৰী ক'লা কৃষ্টিৰে উখল মাখল হৈ থকা ঐতিহ্যমণ্ডিত কলিয়াবৰত এই বেলি ফাল্গুৎসৱৰ লগত সংগতি ৰাখি শনিবাৰৰ পৰা পৰা তিনি দিনীয়াকৈ হাটবৰ হাজাৰৰ উদ্যোগত অনুষ্ঠিত হৈছে হাজাৰী ভাওনা উৎসৱ-২০২৪ ।

বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে কলিয়াবৰ। ছয় অৰা এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰ অসম বুৰঞ্জীৰ যাদুঘৰস্বৰূপ। এই কলিয়াবৰ সাহিত্য আৰু সংস্কৃতিৰো নামঘৰস্বৰূপ। প্ৰকৃতিয়ে অকৃপণ হাতেৰে সজোৱা কলিয়াবৰতে সিঁচৰতি হৈ আছে প্রাচীন তথা মধ্যযুগীয় ঐতিহ্য-সংস্কৃতিৰ বার্তাবাহক কীর্তিস্তম্ভৰ বিশাল ভাণ্ডাৰ।

স্বদেশ প্রেমৰ ধ্বজাবাহক গড়-প্রাঞ্চি, কোঠ, বৰতোপ, বাঁহৰ, মৈদাম আদিৰ উপৰি স্বকীয় ধর্মীয় বৈশিষ্ট্যবে উদ্ভাসিত মঠ-মন্দিৰ, দ'ল-দেৱালয়, সত্র, থান, নামঘৰ, মছজিদ, দৰগাহ, গির্জা আদিৰে তীৰ্থস্বৰূপ কলিয়াবৰ। প্রাচীন সম্পদসমূহক কেন্দ্র কৰি অলেখ কাহিনী, আখ্যান-উপাখ্যান, সাধুকথা, অলৌকিকতা আজিও জীবন্ত হৈ আছে এই কলিয়াবৰত।

নানা দৌল-দেৱালয়, সত্ৰ-নামঘৰেৰে পবিত্র ধাম কলিয়াবৰত অতীজৰে পৰা নানা পূজা-সেৱা, তিথি-মহোৎসৱ আদি অনুষ্ঠিত হৈ আহিছে। মহাপুৰুষীয়া ধৰ্মপ্ৰচাৰৰ উদ্দেশে লোক সংগ্রহ, লোক ৰঞ্জন, লোকস্থিতিৰ ক্ষেত্রত একেলগে শ্রবণ, কীর্তন আৰু মনৰ পবিত্র আনন্দ বিতৰণ কৰাৰ পৰিকল্পনাৰে শংকৰ-মাধৱৰ অনুপম সৃষ্টি 'ভাওনা' উদযাপনৰ যোগেদি ঐতিহ্যমণ্ডিত কলিয়াবৰৰ কলা-কৃষ্টি, সংস্কৃতিৰ বৰপথাৰখনত ভক্তিৰস, হাস্যৰসৰ নিজৰা বোৱাই ঐক্য- সংহতি, আত্মীয়তা নিকপকপীয়া কৰাৰ ক্ষেত্ৰত কলিয়াবৰীয়া সংস্কৃতিবান ৰাইজে সদায়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

অসমীয়া সংস্কৃতিৰ চূড়ান্ত অভিব্যক্তি সাংস্কৃতিক অনুষ্ঠান 'অসমীয়া ভাওনা'ই তিনিশ বছৰৰো অধিক কাল কলিয়াবৰীয়াক মুক্তি সাধনৰ আদৰ্শ দেখুৱাই আহিছে- জনমানসত বোৱাই ৰাখিছে ভগবৎ ভক্তিৰ নিজৰা।

দৌল,দেৱালয়, পুখুৰীৰে পৰিপূৰ্ণ শাকমুঠিৰ শায়েক ভূঞাসকলে দৌল উৎসৱৰ পবিত্ৰক্ষণত চাৰিখনীয়া ৰভাৰে চাৰিখন ভিন ভিন ভাওনা পাতিছিল একেসময়তে। পাচত দৌল উৎসৱৰ ভেটি হাটবৰ কলঙৰ পাৰলৈ স্থানান্তৰিত হয়। হাটবৰৰ কলঙৰ পাৰৰ 'ফুকনৰবাৰী'ত অনুষ্ঠিত দৌল উৎসৱৰ মুখ্য আকর্ষণ বাৰেৰহনীয়া ভাওনাই হেজাৰজনক মোহান্বিত কৰাত হেজাৰ-বিজাৰ কলিয়াবৰীয়া গঞা এই দৌল উৎসৱত উবুৰি খাই পৰিছিল।

আনহাতে 'শাকমুঠি হাজাৰ'খনে নতুনকৈ গঞা সংলগ্ন কৰি 'হাটবৰ হাজাৰ' নাম লৈ কলিয়াবৰৰ আন আন হাজাৰৰ সহযোগত দৌল উৎসৱ উপলক্ষে ক্রমে এখন-দুখনকৈ বৃদ্ধি কৰি- সমান্তৰালভাৱে ভাওনা অনুষ্ঠিত কৰিবলৈ সমর্থ হৈছিল।

সেই সময়ত মূল দৌলক আগুৰি আটোমটোকাৰিকৈ ভাওনাৰ মণ্ডপটো প্রয়োজনীয় আকাৰত ৰাইজে হজ কৰি নিৰ্মাণ কৰিছিল আৰু সেই হজত সকলো ৰাইজৰ উপস্থিতি বাঞ্ছনীয় আছিল। হজত উপস্থিত নথকাসকলক দণ্ড বিহা হৈছিল। মণ্ডপ আৰু ৰভাৰ খুটা হিচাপে ভলুকাবাঁহ আৰু চালত ঢাপলিকা হিচাপে ন-খেৰ ব্যৱহাৰ কৰা হৈছিল।

ভাওনাত অংশগ্রহণকাৰী দল নির্বিশেষে ভাওনা পৰিৱেশন আৰু দৰ্শক বহাৰ সুবিধাৰ্থে ৰভাস্থলী সাতটা বা অধিক ভাগত বিভক্ত কৰি কোনখন হাজাৰ বা গাঁৱে কোনফালে প্ৰৱেশ কৰি ভাওনা প্ৰদৰ্শন কৰিব সেইটো সুনির্দিষ্ট কৰা হৈছিল।

অসুৰৰ ভাৱৰীয়াসকলে কেৰাহীৰ তলৰ ছাই ঘঁহিছিল। নাৰী চৰিত্ৰৰ ভাৱৰীয়াই চুলি মৰাপাটেৰে প্ৰস্তুত কৰি তাক সাঁচিপাত লিখা শিলিখা চিয়াহীৰে ক'লা কৰি লৈছিল আৰু তেওঁলোকে ঘূৰি কুমনি পিন্ধিছিল। ভাৱৰীয়া বহা আসন আছিল কঠ। আজিৰ দৰে সুকীয়া দৃশ্য-সজ্জা বা মঞ্চ-সজ্জা তেতিয়া কৰা নহৈছিল।

সন্ধ্যাপৰত লোকে লোকাৰণ্য হৈ পৰা হাজাৰী ভাওনা থলী প্রজ্বলিত 'ভটা' আৰু চৌতৰা'ৰ আলোকেৰে উজলি উঠিছিল। প্রথমে ৰভাস্থলীত কলিয়াবৰৰ বিভিন্ন সত্ৰৰ আমন্ত্রিত সত্ৰাধিকাৰসকল নির্দিষ্ট আসনত উপবিষ্ট হোৱাৰ পিচতে সমান্তৰালভাৱে আটাইকেইখন ভাওনা ক্ষেত্ৰ ৰাইজৰ হর্ষধ্বনিৰে মুখৰিত হৈ গাম্ভীর্যপূর্ণতাৰে শৃংখলাবদ্ধভাৱে কেউখন ভাওনাৰ 'যোৰা আৰম্ভ কৰা হৈছিল। দবা, কাঁহ, খোল, তাল শংখ ধ্বনিৰে আকাশ-বতাহ মুখৰ হোৱা পৰিবেশত গুৰু বন্দনাৰ ভকতিৰ অমিয়া ৰসে বৈকুণ্ঠপুৰীলৈ পর্যবসিত কৰিছিল ভাওনাৰ ৰভাথলী। গায়ন-বায়নসকলে সকলো কেইখন ভাওনাথলী প্রদক্ষিণ কৰি 'ধাৰাপাক'ৰ অন্তত নিজ নিজ ক্ষেত্রত সম্মিলিতভাবে যোৰা সামৰাটো আছিল প্রচলিত নিয়ম। এনেদৰে শৃংখলাবদ্ধভাবে অগ্রগতি লভি অবশেষত দায়-দোষ মৰিষণৰ স্তুতি-বন্দনা, সমস্বৰে আওৰোৱা কল্যাণ গীতৰ অন্তত নামি আহিছিল ভাওনাৰ যৱনিকা।

ভাওনাৰ শেষত ৰাইজে ভাগৱতৰ আগত শৰাই- প্রসাদ গ্রহণ কৰিহে ঘৰলৈ গৈছিল। শৰাই ভঙাৰ আগতে ভাৱৰীয়া আৰু গায়ন-বায়ন প্রমুখ্যে কোনো লোকে ৰভা 'এৰি গ'লে তেনে লোকক ৰাজহুৱাভাৱে দণ্ড বিহা হৈছিল।

'কলিয়াবৰ-হাটবৰ/ জখলাবন্ধা-বাটবৰ বুৰঞ্জীৰ যাদুঘৰ/সাহিত্যৰ বৰঘৰ অসমৰ মাজঘৰ/ সংস্কৃতিৰ নামঘৰ।'- বুলি প্রসিদ্ধ বুৰঞ্জীবিদ ড° প্রমোদ চন্দ্র ভট্টাচার্যই অভিমত প্রকাশ কৰা ঐতিহ্যমণ্ডিত কলিয়াবৰৰ গ্রামাঞ্চলত উদ্দীপনাময় পৰিবেশত অনুষ্ঠিত 'হাজাৰী ভাওনা' সংস্কৃতি হেজাৰজনৰ উমৈহতীয়া সম্পদ হৈও যথোপযুক্ত প্ৰচাৰ আৰু সংৰক্ষণৰ অভাৱত দিনক দিনে নিশকতীয়া হৈ পৰিছে।

তৎসত্ত্বেও 'হাজাৰী ভাওনা'ৰ গৰিমা ঐতিহ্যৰে মহিমামণ্ডিত কলিয়াবৰত এই মহান সংস্কৃতিৰ নুমাবলৈ ধৰা বন্তি গছি সেৰেঙাকৈ হ'লেও উজ্জীবিত কৰাৰ কিছু প্রয়াস আজিও অব্যাহত ৰখা পৰিলক্ষিত হৈছে। এই বেলিও হাটবৰ হাজাৰে কলিয়াবৰৰ হাজাৰ সমূহৰ সহযোগত আৰম্ভ হৈছে হাজাৰী ভাওনাৰ মহাআয়োজন।

কাৰ্যসূচী অনুসৰি উৎসৱৰ প্ৰথম দিনা সন্ধ্যা গন্ধ বাদনেৰে উৎসৱৰ পাতনি মেলা হয় । দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে পুৱা প্ৰাতঃ. প্ৰসংগৰ পাছতে হাজাৰী ভাওনা উৎসৱ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ডেকা সত্ৰীয়া মনিমাধৱ মহন্তই। আনহাতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই উত্তোলন কৰে উৎসৱৰ মূল ধৰ্মধ্বজা। হাজাৰী ভাওনাৰ উৎসৱ স্থলীত

কলিয়াবৰৰ ছয়খন হাজাৰৰ লগতে অন্য দলে পৰিৱেশন কৰিব আঠখনকৈ ভাওনা। চাৰিখন খোলাত দেওবাৰ আৰু সোমবাৰে সন্ধিয়া একেলগে প্ৰদৰ্শিত হ'ব চাৰিখনকৈ ভাওনা। প্ৰথম খলাত উত্তৰ কলিয়াবৰ হাজাৰে পৰিবেশন কৰিব জৰাসন্ধ বধ। উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী পবিত্ৰ প্ৰাণ বৰাই। দ্বিতীয় খলাত চতিয়াল হাজাৰে পৰিবেশন কৰিব 'সুকৰ্ণ ৰজাৰ পুত্ৰ লাভ'। উদ্বোধন কৰিব বিশিষ্ট শিল্পী বিদ্যাসাগৰে। তৃতীয় খলাত হাটবৰ হাজাৰে পৰিবেশন কৰিব 'ৰাম বিজয়'। উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

চতুৰ্থ খলাত কলিয়াবৰৰ একশৰণ ভাগৱতী সমাজে পৰিবেশন কৰিব 'সীতা হৰণ বালীবধ' । ভাওনা উদ্বোধন কৰিব সাংস্কৃতিক কৰ্মী তথা বাঘৰ গঞা সত্ৰৰ সত্ৰাধিকাৰ হিৰু প্ৰসাদ মহন্তই। দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে নাম- প্ৰসংগ অনুষ্ঠিত হ'ব। বিয়লি হাজাৰী ভাওনা উৎসৱ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তৰ পাছতে নিশা ৮ বজাৰ পৰা ভাওনা আৰম্ভ। প্ৰথম খলাত সোনাৰি গাওঁ হাজাৰে পৰিবেশন কৰিব 'শৃংগী মুনিৰ অভিশাপ'। উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক দীপাংকৰ বিশ্ব দত্তই।

দ্বিতীয় খলাত পশ্চিম কলিয়াবৰ হাজাৰে পৰিবেশন কৰিব ' পাণ্ডৱৰ ৰাজসুয় যজ্ঞ' । উদ্বোধন কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ফণী হাজৰিকাই। তৃতীয় খলাত সমন্বিত যুৱ তীৰ্থ ই পৰিবেশন কৰিব 'ৰুক্মিণী হৰণ' । উদ্বোধন কৰিব সত্ৰীয়া সংস্কৃতিৰ সাধক যজ্ঞো ৰাম বৰাই আৰু চতুৰ্থ খলাত বৰভগীয়া হাজাৰে পৰিবেশন কৰিব 'পিতা-পুত্ৰৰ যুদ্ধ'. উদ্বোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজৰ ৰূপেশ্বৰ হাজৰিকাই।

সম্প্ৰতি নৱ প্ৰজন্মক এই বৰ্ণাঢ্য কৃষ্টিৰে চিনাকি কৰি দিয়াৰ মহান উদেশ্যেৰে আয়োজিত এই অনুষ্ঠানৰ উদ্যোক্তা হাটবৰ তথা কলিয়াবৰ ৰাইজক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷ ইতিমধ্যে হাটবৰ হাজাৰৰ নামঘৰ প্ৰাংগণ সহ নিৰ্মান কাৰ্য সম্পূৰ্ণ হৈ উঠা চাৰি খন খলা, ভোজনালয়, তোৰণ আদিৰ আশ্ৰম সদৃশ পৰিবেশে সকলোৰে দৃষ্টি আকৰ্ষন কৰা পৰিলক্ষিত হৈছে ।

কলিয়াবৰত হাজাৰী ভাওনা-২০২৪
কচুৱাৰ চানখোলাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত আহত বন বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in