/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1f418092-310b-4656-8dbd-a3e6d17ca915/bike.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটত সক্ৰিয় হৈ পৰিছে বাইক চুৰি চক্ৰ।ৰাজ্যৰ ভিন্ন প্ৰান্তত দুচকীয়া বাহনৰ ডিলাৰৰপৰা এটি বাইক চুৰি চক্ৰই নিজেই গ্ৰাহক সৃষ্টি কৰি দামী বাইকখনৰ বাবদ ফাইনেঞ্চ কোম্পানীক কিছু ধন দি বাইকখন ক্ৰয় কৰে।
ক্ৰয় কৰা বাইকখন পুনৰ কৌশলেৰে গৰাকীৰপৰা সামান্য টকা দি ফাইনেঞ্চ কোম্পানীৰপৰা ৰেহাই পাব বুলি ভৰষা দি ব্যৱসায় চলাই থকা অভিযোগ উত্থাপিত হৈছে। এনে এটি দুচকীয়া দামী বাইকৰ চুৰি চক্ৰ শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছে।
ইতিমধ্যে বিভিন্ন ফাইলেঞ্চ কোম্পানীক জ্বলাকলা খুওৱা এই বাইক চুৰি কাণ্ডৰ লগত জড়িত এই বৃহৎ চক্ৰটিৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰুজু হৈ আছিল গোচৰ ৷ এই চক্ৰটোৰ লগত জড়িত হৈ পৰা চতিয়াৰ চেঙামাৰী গাঁৱৰ ৰাজীৱ মহলীয়া আৰু অজিত মহলীয়া আকৌ দামী বাইক ক্ৰয় কৰা সময়ত হৈ পৰে গ্ৰাহক।
চতিয়াৰ ঘাঁহীগাঁৱৰ ৰাহুল আলি আৰু হাবিবুৰ ৰহমান এই দুইগৰাকী আকৌ দুধৰ্ষ বাইক চোৰ ৷ এওলোকৰ জালত ভৰি পেলালে আহিব পাৰে বিপদ ৷ দুয়ো গ্ৰাহকক কৌশলেৰে ক্ৰয় কৰা নতুন দামী বাইকখনৰ আগধন দি বাইকখন ডিলাৰৰপৰা উলিয়াই আনি প্ৰকৃত বাইকৰ গৰাকীক পিছত পুনৰ ১৫-২০ হাজাৰ টকা দি সেই বাইকখন ক্ৰয় কৰে।
সেই বাইক ক্ৰয় কৰি ৰাজ্যৰ বাহিৰত বিক্ৰী কৰিছে বুলি জানিব পৰা গৈছে ৷ এই চুৰি চক্ৰটোৰ লগত জড়িত কেইজনে আজিও জামুগুৰিহাটৰ Yamaha ডিলাৰৰপৰা একেদৰেই বাইক ক্ৰয় কৰিবলৈ আহি ফাইনেঞ্চ কোম্পানীৰ তৎপৰতাত ধৰা পৰে।
জানিব পৰা মতে প্ৰায় শতাধিক নতুন বাইক এইদৰেই কৌশলেৰে নি শ্বিলংৰ ডাউকীত জমা কৰি বাংলাদেশ পৰ্যন্ত ঠাইত অধিক দামত এই চক্ৰটোৱে বিক্ৰী কৰে। ৰাজ্যজুৰি শিপাই থকা এই চক্ৰটোক এতিয়া আৰক্ষীয়ে কিদৰে উৎখাত কৰিব পাৰে সেয়া লক্ষণীয় হ’ব ৷
Also Read: নাতি ভূপেন, ভুল হ’ল তোৰ !