বড়িবজাৰ আৰক্ষী পহৰা চকীৰ কাষতেই হাত, ভৰি বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...

হত্যাৰ সন্দেহ পৰিয়াল তথা স্থানীয় লোকৰ
বড়িবজাৰ আৰক্ষী পহৰা চকীৰ কাষতেই হাত, ভৰি বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...
বড়িবজাৰ আৰক্ষী পহৰা চকীৰ কাষতেই হাত, ভৰি বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ মৰিগাওঁঃ মৰিগাওঁ জিলাৰ বড়িবজাৰ আৰক্ষী পহৰা চকীৰ কিছু নিলগত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। উল্লেখ্য যে, আৰক্ষী পহৰা চকীৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগতে চৰকাৰী কামৰ বাবে খান্দি থোৱা এটা গাতত আজি উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ওমৰ ফাৰুক নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ওমৰ ফাৰুক।

ইফালে ওমৰ ফাৰুকৰ ঘৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত। ওমৰ ফাৰুকৰ হাত, ভৰি বান্ধি থোৱাৰ লগতে দেহৰ বহু ঠাইত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বাবে এয়া এক হত্যাকাণ্ড বুলিয়েই সন্দেহ কৰিছে সকলোৱে।

উল্লেখ্য যে, মৃতদেহ উদ্ধাৰ হোৱা গাতত এটা গৰু পোৱালি আৱদ্ধ হৈ থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। এই গৰু পোৱালি উদ্ধাৰ কৰিবলৈ যোৱাৰ পাছতেই গাতত এজন ব্যক্তি প্ৰত্যক্ষ কৰে তেওঁলোকে। ইয়াৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে সন্দেহ কৰিছে ওমৰ ফাৰুকক হত্যা কৰি গাতত পেলাই দি তাৰ ওপৰত গৰু পোৱালিটো পেলাই দিছিল হত্যাকাৰীয়ে।

অৱশ্যে কোনে, কিয় তেওঁক এইদৰে হত্যা কৰিলে সেই বিষয়েহে কোনো সম্ভেদ লাভ কৰিব পৰা নাই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো বিষয় স্পষ্ট হ'ব।

বড়িবজাৰ আৰক্ষী পহৰা চকীৰ কাষতেই হাত, ভৰি বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ...
APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাঃ ২৩৫ পদৰ বিপৰীতে ২,৮৯৮ গৰাকী উত্তীৰ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in