APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাঃ ২৩৫ পদৰ বিপৰীতে ২,৮৯৮ গৰাকী উত্তীৰ্ণ...

জুলাই মাহত অনুষ্ঠিত হ'ব মূল পৰীক্ষা

author-image
Asomiya Pratidin
New Update
 APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাঃ ২৩৫ পদৰ বিপৰীতে ২,৮৯৮ গৰাকী উত্তীৰ্ণ...

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাঃ ২৩৫ পদৰ বিপৰীতে ২,৮৯৮ গৰাকী উত্তীৰ্ণ...

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ'ল অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ২৩৫ টা পদৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ২,৮৯৮ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ লিখিত পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

Advertisment

উল্লেখ্য যে, ১৮ মাৰ্চ ২০২৪ ত ৰাজ্যৰ ৩২ খন জিলাৰ ১১৬ টা স্থানত অনুষ্ঠিত হোৱা এই পৰীক্ষাত মুঠ ৬৭,২৫১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। এইবাৰ প্ৰাৰম্ভিক পৰীক্ষাত মহিলাৰ বাবে সংৰক্ষিত আসনৰ বিপৰীতে মুঠ ৭১৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

ইয়াৰোপৰি ১০৬ গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২ গৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে সংৰক্ষিত আসনত উত্তীৰ্ণ হৈছে। স্মৰ্তব্য, এইবাৰ প্ৰথমবাৰৰ বাবে মৰাণ আৰু মটক দুয়ো জনগোষ্ঠীৰ বাবে অসম লোক সেৱা আয়োগে এটাকৈ মুঠ দুটা পদ সংৰক্ষণ কৰিছে।

আয়োগৰ সূচী অনুসৰি অহা জুলাই মাহত লিখিত মূল পৰীক্ষা অনুষ্ঠিত হ’ব। মূল পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজী, অসমীয়া দুয়োটা ভাষাতে থাকিব। এই দুয়ো ভাষাতে উত্তৰসমূহ লিখিব পাৰিব পৰীক্ষাৰ্থীসকলে।

Also Read: অচিন পোকৰ সন্ত্ৰাসত ব্যাহত পাঠদানঃ ৩ দিনলৈ বন্ধ কলিয়াবৰৰ এখন বিদ্যালয়...

অসম লোকসেৱা আয়োগ এ পি এছ চি