/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e32a6b99-96c4-416e-a5cc-3a1e14ef7bbb/514.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ : নগাঁও জিলাৰ বঢ়মপুৰ ১ নং ঘোগৰগাঁও নিবাসী অৱসৰপ্ৰাপ্ত লোকনির্মাণ বিভাগৰ তত্বাৱধায়ক বিষয়া তথা বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট সমাজকর্মী চাকিৰাম বৰাৰ দেওবাৰে বিয়লি প্ৰায় ১-৩০ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ ।
চাকিৰাম বৰাই চাকৰিৰ পৰা অৱসৰ লৈ বঢ়মপুৰ অঞ্চলৰ বহুকেইটা সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল । বঢ়মপুৰ অঞ্চলৰ এজন সমাজপ্রিয় ব্যক্তি হিচাপে তেওঁৰ সুনাম থকাৰ উপৰি সৎ আচৰণ ও মাৰ্জিত ব্যৱহাৰে সকলোকে মোহিত কৰিছিল ।
বৃহত্তৰ বঢ়মপুৰ অঞ্চলৰ বহুকেইখন গাঁৱৰ সন্মিলিত ধৰ্মীয় ও সাংস্কৃতিক অনুষ্ঠান "বঢ়মপুৰ আঞ্চলিক বাৰেগঞা নামঘৰ ও শংকৰী কলাকৃষ্টি কেন্দ্ৰ"ৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ সুদীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে, তেওঁৰ কাৰ্যকালতে ধৰ্মীয় অনুষ্ঠানটোৰ মূল গৃহৰ কাম,ভোগঘৰ আৰু কাৰ্য্যালয় গৃহৰ কাম সম্পূৰ্ণ হৈছিল।
আজি "বঢ়মপুৰ বাৰেগঞা সমাজে" বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে । বঢ়মপুৰ বাৰেগঞা সমাজৰ সম্পাদক ৰমেশ চন্দ্ৰ হাজৰিকাই চাকিৰাম বৰাৰ মৃত্যু,বঢ়মপুৰ অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে । মৃত্যুৰ সময়ত বৰাই দুটি পুত্ৰ,দুগৰাকী জীয়ৰী,নাতি-নাতিনীসহ পৰিয়ালৰ বহু আত্মীয়-স্বজনক এৰি থৈ যায় ।
Also Read: ডিমা হাচাওতেই সমাপ্ত হ'ব ইণ্ডি মৰ্চাৰ ৰাজনৈতিক ভৱিষ্যত : বিজেপি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মা