পবিতৰাত গৰু চোৰৰ উপদ্ৰৱ: ৯ টা গৰুসহ এজনক আটক গাঁওৰক্ষী বাহিনীৰ...

পবিতৰাত গৰু চোৰৰ উপদ্ৰৱ: ৯ টা গৰুসহ এজনক আটক গাঁওৰক্ষী বাহিনীৰ...
পবিতৰাত গৰু চোৰৰ উপদ্ৰৱ: ৯ টা গৰুসহ এজনক আটক গাঁওৰক্ষী বাহিনীৰ...

ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বিভিন্ন গাঁৱৰ লগতে পবিতৰা অভয়াৰণ্যটো গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। দিন দুপৰতে পবিতৰা অভয়াৰণ্যৰ পৰা পোহনীয়া গৰু চুৰি কৰি নি ৰমৰমীয়া ব্যৱসায় কৰি থকাৰ তথ্য পোহৰলৈ আহিছে।

বন বিভাগৰ চকুৰ সন্মুখেদি যোৱা নিশা ৯ টাকৈ গৰু এটা চোৰৰ দলে চুৰি কৰি লৈ গৈ থকাৰ সময়তে মায়ং থানাৰ অন্তৰ্গত কুকুৱাৰী গাঁওৰক্ষী বাহিনীৰ লোকে হাতে লোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। নজৰুল হক নামৰ এটা চোৰক গৰু কেইটাৰ সৈতে  আটক কৰি আৰক্ষীক গতাই দিয়ে যদিও দুজন পলাই পত্ৰং দিয়ে।

আটকাধীন চোৰটোক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে মায়ং আৰক্ষীয়ে। পবিতৰাৰ পৰা চুৰি কৰি নিয়া গৰু কেইটা মায়ঙৰ বৰদিয়া আৰু মুৰবীৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, পবিতৰাৰ দাঁতিকাষৰীয়া গাঁৱৰ বহু লোকে গৰুবোৰ চৰিবলৈ  এৰি দিয়ে অভয়াৰণ্যৰ ভিতৰত।

বহুতৰে গৰু আকৌ অভয়াৰণ্যৰ ভিতৰৰ পৰা গৃহস্থৰ ঘৰলৈ দীৰ্ঘদিন উভতিও নাযায় বুলি জানিব পৰা যায়। তাৰেই সুযোগ বুজি গৰু চোৰৰ দলে পবিতৰাতগৰাকী বিহীন হৈ পৰা গৰু বোৰ পৰবৰ্তী সময়ত চোৰে চুৰি কৰি নিবলৈ সক্ষম হয়।

ৰাইজৰ মনত প্ৰশ্ন, যি সময়ত পবিতৰাত সাধাৰণ খৰিকটীয়া এজনো বিনা অনুমতিত প্ৰবেশ কৰিব নোৱাৰে,তেনেস্থলত দিন দুপৰতে গৰু চোৰবোৰ কি দৰে প্ৰবেশ কৰে ? বন বিভাগৰ কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে দাঁতিকাষৰীয়া গাঁৱৰ  ৰাইজে।

পবিতৰাৰ ভিতৰভাগ বৰ্তমান সময়ত গো চৰণীয়া পথাৰৰ দৰে হৈ পৰিছে।পোহনীয়া  গৰুৰ বাবে বহু সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰশ্ন আহি পৰে।

পবিতৰাত গৰু চোৰৰ উপদ্ৰৱ: ৯ টা গৰুসহ এজনক আটক গাঁওৰক্ষী বাহিনীৰ...
ৰংঘৰহে 'ৰাজনীতিৰ ঘৰ' নহয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in