/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/77bdbd1d-a214-46da-ad2b-73f203c95a22/morigaon_9.jpg)
মৰিগাঁৱত মৌ মাখিৰ আক্ৰমণত ব্যৱসায়ী নিহত...
ডিজিটেল ডেস্কঃ মৰিগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মৌ মাখিৰ আক্ৰমণত এজন ব্যৱাসায়ী নিহত হোৱাৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।
জানিব পৰা মতে মঙ্গলবাৰে পুৱাই মৰিগাঁৱৰ কোৱালিটি নামৰ হোটেলখনৰ স্বত্বাধিকাৰী দীপক নন্দী ওলাই গৈছিল। বিগত দুদিন ধৰি মৰিগাওঁ আয়ুক্ত কাৰ্যালয়ৰ পৰা পবিতৰা হাটলৈ এই পথছোৱাত এটা মৌবাঁহে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
আজি পুৱা এই পথতে মৌমাখিৰ আক্ৰমণৰ সন্মুখীন হয় দীপক নন্দি। মৌমাখিৰ আক্ৰমণত গুৰুতৰভাৱে অসুস্থ হৈ পৰা দীপক নন্দীক মৰিগাওঁ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, আজি দুদিন ধৰি এই পথত মৌমাখিৰ জাকটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ ফলত কেইবাজনো লোক আক্ৰমণৰ সন্মুখীন হৈছে।