মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বন্যাৰ্তৰ বাবে নৌকা উপহাৰ...

বেচৰকাৰী সংস্থা প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসে দুখন কাঠৰ নৌকা মৰিগাঁও জিলাৰ বন্যাৰ্তৰ বাবে জিলা উপায়ুক্ত ক অৰ্পণ কৰে ।

author-image
Asomiya Pratidin
New Update
মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত বন্যাৰ্তৰ বাবে নৌকা উপহাৰ...

ডিজিটেল সংবাদ, মায়ংঃ অসমৰ এটা প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থা প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ হৈ অধ্যাপিকা ড০ শীলা বৰাই জাৰ্মানীৰ গেৰ্ডা হেংকেল ষ্টিফটুঙৰ অৰ্থ সাহাৰ্য্যৰে নিৰ্মাণ কৰা দুখন কাঠৰ নৌকা মৰিগাঁও জিলাৰ বন্যাৰ্তৰ বাবে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে জিলা উপায়ুক্তক অৰ্পণ কৰে । মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত এখন সভাত আনুষ্ঠানিক ভাৱে চমজি লয় জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰাই।

সভা খনত উপস্থিত থাকে মৰিগাঁও জিলাৰ আন তিনি গৰাকী অতিৰিক্ত উপায়ুক্ত, উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰী আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথ, ন্যাসৰ সদস্য মহেশ বৰা আৰু সাংবাদিক নজৰুল ইছলাম। আজি নৌকা দুখন লাভ কৰাৰ পিছতেই উপায়ুক্ত দেৱাশীষ শৰ্মাৰ হৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ন্যাসৰ কৰ্মকৰ্তাসকলৰ লয়।

প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাস ৰ উদ্যোক্তা সকলে বিগত সময়চোৱাত ৰাজ্যখনৰ বিভিন্ন স্থানত ইতিহাস ঐতিহ্য সংৰক্ষণ ৰ ক্ষেত্ৰত বহু কেইটা উল্লেখযোগ্য কাম কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিছে।

Also Read: ১০২ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব বুলি প্ৰকাশিত খবৰত উৎফুল্লিত মন্ত্ৰী

boat