১০২ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব বুলি প্ৰকাশিত খবৰত উৎফুল্লিত মন্ত্ৰী

১০২ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব বুলি প্ৰকাশিত খবৰত উৎফুল্লিত মন্ত্ৰী

author-image
Asomiya Pratidin
New Update
১০২ টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হ'ব বুলি প্ৰকাশিত খবৰত উৎফুল্লিত মন্ত্ৰী

ডিজিটেল ডেস্কঃ অসমৰ ১২৪ টা সমষ্টিৰ ভিতৰৰে ১০২ টা সমষ্টিত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব বুলি সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় খচৰা প্ৰকাশৰ পিছতেই একাংশ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ লগতে জনজাতীয় বিভিন্ন এলেকাত ফটকা ফুটুৱাৰ ঘটনাক লৈ অতিকে উৎসাহিত মন্ত্ৰী পীযুষ হাজৰিকা । আজি তেওঁ এই সন্দৰ্ভত সন্তুুষ্টি প্ৰকাশ কৰাৰ লগতে খচৰা খনৰ বিৰোধিতা কৰা সকলকো তেওঁ সমালোচনা কৰে ।

Advertisment

সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত অখিল গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, "অখিল গগৈ ডাঙৰীয়াই কেইটামান প্ৰশ্ন উত্থাপন কৰা দেখিছো যোৱা কেইদিনমানৰ পৰা। মায়ং নামৰ এটা সমষ্টি সৃষ্টি কৰা হৈছে আৰু তাত বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলক সন্তুষ্ট কৰিবলৈ এই কামটো কৰা হৈছে। কিন্তু খচৰাখন যেতিয়া ওলাল, তেতিয়া আমি দেখিলো যে মায়ং নামৰ কোনো সমষ্টিৰ প্ৰস্তাৱ ইলেকচন কমিচনে দিয়া নাই।"

"কালি তেখেতে ক’লে যে মৰিগাঁও সমষ্টিটো অনুসূচীত জনজাতিৰ কাৰণে সংৰক্ষিত হ’ব লাগে বুলিও তেওঁ কৈছে । মই তেখেতৰ এই কথাটোত সমৰ্থন কৰিছো। মই নিজে মৰিগাঁও জিলাৰ বাসিন্দা হলেও জিলাখনত যিহেতু যথেষ্ট তিৱা সম্প্ৰদায়ৰ ব্যক্তি আছে সেয়েহে তিৱাসকলৰ স্বাৰ্থতে এইয়া হোৱা উচিত । কেৱল মৰিগাঁও জিলাই নহয়, তাৰ দাঁতিকাষৰীয়া ৰহা, নগাঁও বৰ্তমানৰ বটদ্ৰৱা এই অঞ্চলসমূহটো যথেষ্টসংখ্যক তিৱা সম্প্ৰদায়ৰ ব্যক্তি আছে। গতিকে ময়ো মনে প্ৰাণে বিচাৰে যে মৰিগাঁও সমষ্টিটো অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে।"

ৰমাকান্ত দেউৰী ডাঙৰীয়া মৰিগাঁৱৰ বিধায়ক। অসংৰক্ষিত হোৱা সত্ত্বেও বিজেপি দলে এগৰাকী তিৱা সম্প্ৰদায়ৰ ব্যক্তিক মৰিগাঁও সমষ্টিত টিকট দি আহিছে। আৰু তেখেতে জয়লাভো কৰিছো। আৰু মই আশা ৰাখো, সংৰক্ষণ হ’লেতো তেওঁৰ বাবে আৰু সুবিধা হ'ব। অখিল গগৈ ডাঙৰীয়াক মোথো ক'ব খোজো তেখেত এটা জনগোষ্ঠীৰ নেতা নহয়, অসমৰ নেতৃত্ব লৈছে। গতিকে সুৰু সুৰা কথা-বতৰা বিলাক কৈ আপুনি জনমানসত নিজকে সৰু নকৰিব।

খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা এই খচৰাক মন্ত্ৰী পীযুষ হাজৰীকাই অন্তঃকৰণেৰে আদৰণি জনোৱা বুলি উল্লেখ কৰে কয় যে এই খচৰাখনক খিলঞ্জীয়াৰ স্বাৰ্থত আমিও অন্তঃকৰণেৰে আদৰণি জনাইছো। আমি অসমীয়া খিলঞ্জীয়া ৰাইজেও নিজৰ আধিপত্য হ্ৰাস পাবলৈ ধৰিছে বুলি যি আশংকা কৰিছিলো সেই আশংকা কিছু পৰিমাণে নাইকীয়া হ'ব বুলি ডিলিমিটেচনৰ ড্ৰাফটখনৰ পৰা অনুভৱ কৰিব পাইৰিছে বুলি ভাৱো । সেইবাবেই হয়তো বহু খিলঞ্জীয়া অঞ্চলত ইয়াৰ সমৰ্থনতফটকা ফুটিছে আৰু ইয়াৰ সমৰ্থনত বাতৰি প্ৰকাশ পাইছে ।

Also Read: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ চৰকাৰ ভংগৰ দাবীৰে চৰাইদেউত প্ৰতিবাদ...

delimetation