সামাজিক দায়বদ্ধতা নিদৰ্শন দেখুৱাইছে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱে

সামাজিক দায়বদ্ধতা নিদৰ্শন দেখুৱাইছে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱে

author-image
Asomiya Pratidin
New Update
সামাজিক দায়বদ্ধতা নিদৰ্শন দেখুৱাইছে পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱে

ডিজিটেল সংবাদ,পাটাছাৰকুছি : বিভিন্ন জনকল্যাণমূলক কাৰ্যৰ লগতে ব্যতিক্ৰমী সামাজিক কাম-কাজেৰে নিদৰ্শন দাঙি ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে বজালী অঞ্চলৰ অন্তৰ্গত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবে। দুৰ্গত ব্যক্তিক বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই আৰু ৰাইজৰ সুবিধাৰ্থে কৰি দিয়া কিছুমান কাৰ্যই অনুষ্ঠানটোৰ মহানতা প্ৰকাশ কৰিছে।

Advertisment

উল্লেখ্য যে ১৯৮৯ চনৰ ২০ জুনত পাটাছাৰকুছিৰ কালদিয়া নদীৰ বাকৰিত স্থাপন কৰা হৈছিল সংঘটো। ৰাইজৰ উপকৃত হোৱাকৈ সকলো সা- সুবিধা যুক্তৰে ধুনীয়াকৈ নিৰ্মাণ কৰা ক্লাবৰ তিনিমহলীয়া কাৰ্যালয় ভৱনে অঞ্চলটোক শুৱনি কৰিছে।

এই ক্লাবৰ তৰফৰ পৰা বিগত সময়ছোৱাত বৰ্তমানলৈকে জনকল্যাণমূলক কাৰ্যৰ অংশ হিচাপে প্ৰাগজ্যোতি সাহায্য নিধিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল প্ৰতিভাধৰ যুৱক- যুৱতী, দুৰ্গত ৩২২ গৰাকী ব্যক্তিৰ মাজত ১০,৬২,১৯৬ টকাৰ আৰ্থিক সাহায্য তথা সামগ্ৰী প্ৰদান কৰাৰ লগতে ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত ৩২ টা অনুষ্ঠান- প্ৰতিষ্ঠান (কেইটামানক একাধিকবাৰ) ক আৰ্থিক বৰঙনি, সামগ্ৰী তথা কাৰ্যসূচী প্ৰদানৰ নামত ২০,৪২,৬৪৩ টকা ব্যয় কৰিছে। ইয়াৰ ভিতৰত পাটাছাৰকুছি শিৱ মন্দিৰ পুনৰ নিৰ্মাণ সমিতিক ৫ লাখ টকা দান কৰা বুলি জানিবলৈ দিয়ে।

একেদৰে পাটাসত্ৰৰ জগন্নাথ মন্দিৰক ৩ লাখ টকা, পাটাছাৰকুছিৰ ৰাজহুৱা শ্মশান মুক্তিধাম প্ৰকল্পক ১ লাখ টকা, পাটাছাৰকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ ছহিদ বেদী নিৰ্মাণৰ বাবে ১ লাখ টকা বৰঙণি আগবঢ়াইছে। ইয়াৰোপৰি পাটাছাৰকুছি বজাৰ সমিতিক বজাৰ এলেকাৰ ষ্ট্ৰীট লাইটৰ মাহেকীয়া বিদ্যুৎ বিলৰ বাবদ ৫৮,৫৪৭ টকা, অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৫০ হাজাৰ টকা, আচপাচক ৫০ হাজাৰ টকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন পাটাছাৰকুছি বিদ্যাপীঠলৈ ৫০ হাজাৰ টকা প্ৰদান আদি উল্লেখযোগ্য।

আনহাতে ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত প্ৰায় ২৯ লাখ টকা ব্যয়ৰে পাটাছাৰকুছি দুৰ্গা মন্দিৰৰ ৰভাগৃহ নিৰ্মাণ, প্ৰায় ৩ লাখ টকা ব্যয়ৰে পাটাছাৰকুছি শিৱ দুৰ্গা ধামত পানী যোগান আঁচনি নিৰ্মাণ, ২ লাখ টকা ব্যয়ৰে পাটাছাৰকুছিৰ সৰিহ চাকলা কবৰস্থান পথ নিৰ্মাণ কৰিছে।আনহাতে প্ৰায় ৭০ হাজাৰ টকা ব্যয়ৰে পাটাছাৰকুছিত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইদাৰত "আমাৰ বজালী, আমাৰ ফুলনি' শীৰ্ষক কাৰ্যসূচীত এখন ফুলনি নিৰ্মাণ কৰিছে।

ইয়াৰোপৰি প্ৰায় ৭০ লাখ টকাৰ বৃহৎ বাজেটেৰে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত এক নতুন ৰূপত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰায় ১২ ফুট উচ্চতাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ কাৰ্য চলি আছে। আবক্ষ মূৰ্তিটো সম্পূৰ্ণ হৈ উঠিলে আবক্ষ মূৰ্তিটোৱে পাটাছাৰকুছিক এক নতুন শোভাবৰ্ধন কৰিব বুলি আশা কৰিব পাৰি।

ইয়াৰোপৰি ক্লাবৰ তৰফৰ পৰা বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া কাৰ্য্যসূচী হিচাপে সম্প্ৰতি নিয়মীয়াকৈ সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা, প্ৰাগজ্যোতি গ্ৰাম্য থলুৱা ক্ৰীড়া প্ৰতিযোগিতা, প্ৰাগজ্যোতি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি আহিছে। তাৰোপৰি ১৬ খনকৈ পূৰ্ণাঙ্গ নাট, ৮ খন শিশু নাট, ১৬ খন একাংক নাট মঞ্চস্থৰ লগতে ৩ টাকৈ শিশু চেমনীয়া নাট কৰ্মশালা, ফুটবল, ক্রিকেট, কাৰাটে আদিৰো প্ৰশিক্ষন অনুষ্ঠিত কৰিছে।

কেবাখনো গ্ৰন্থ প্ৰকাশ আৰু বিভিন্ন দিৱস উদযাপনৰ লগতে বৃক্ষৰোপণ, চিকিৎসা শিবিৰ, দিপাবলীত সম্প্ৰীতিৰ আলোকমেলা, বক্তৃতা তথা বিভিন্ন সজাগতা সভা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত কৰিছে। আনহাতে চৰকাৰী অৰ্থ সাহায্যত স্বচ্ছ ভাৰত অভিযান আঁচনিৰ অধীনত প্ৰায় ২ হাজাৰ কম খৰছী অনাময় শৌচাগাৰ নিৰ্মাণৰ লগতে আন কেবাখনো আঁচনি ৰূপায়ন কৰিছে। বিভিন্ন জনকল্যাণমূলক কৰ্মৰাজিৰে জনপ্ৰিয়তা লাভ কৰি আজি প্ৰাগজ্যোতি ক্লাৱ সকলোৰে বাবে হৈ পৰিছে এটি চিনাকি নাম।

Also Read: সৰু সৰু জনি গুটিৰ ডাঙৰ কাহিনী...

PATACHARKUCHI club social Pragjyoti Club