/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ffde7ca2-3cb0-475e-8dab-ea42350d5bbb/marigaon_bihu.jpg)
ডিজিটেল ডেস্ক মায়ংঃ মায়ঙৰ ঝাৰগাঁও পঞ্চায়তৰ উদ্যোগত ৫০০ গৰাকী নাচনীয়ে বিহু নাচিব একেলগে । ৰিণিকি ৰিণিকি "বিহু গীত টোত নাচ প্ৰদৰ্শন কৰিব নাচনি সকলে । অহা ১৫ মে অৰ্থাত কাইলৈ বিয়লিৰ ভাগত ঝাৰগাঁও লক্ষী মন্দিৰ চৌহদৰ বিহু তলিত নাচিব এই সকল নাচনিয়ে ।
তাৰ কাৰণেই চলিছে আখৰা । দৈপৰা স্কুল খেলপথাৰত চলি আছে আখৰা।সৰু সজাই ষ্টেডিয়াম ত বিহু নাচি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত হোৱা দলটোৰ সাত গৰাকী নাচনিয়ে দি আছে প্ৰশিক্ষণ ।
বহাগী বিদায় অনুষ্ঠানৰ বাবে এইদৰে ককালত টঙালি বান্ধিছে নাচনীসকলে । এই ক্ষেত্ৰত উদ্যোগ লৈছে গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মীমাই কেলেঙে ।
Also Read: কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱত হাৰ্ট থ্ৰব জুবিন গাৰ্গ