কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱত হাৰ্ট থ্ৰব জুবিন গাৰ্গ

সংস্কৃতিৰ পথাৰখনত সম্ভাৱনাৰ ন,ন সৃষ্টিৰ নিৰন্তৰ প্ৰয়াসৰ লগতে অসমৰ জাতীয় কৃষ্টিক উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী 'সৃষ্টি'ৰ উদ্যোগত ২০০৪ চনৰ পৰা নগাঁৱত অনুষ্ঠিত হৈছিল 'বসন্ত উৎসৱ । এই উৎসৱে চলিত বৰ্ষত ২০তম বৰ্ষ গৰকিলে।

author-image
Asomiya Pratidin
New Update
কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱত হাৰ্ট থ্ৰব জুবিন গাৰ্গ

জুবিন গাৰ্গ

ডিজিটেল সংবাদ , নগাঁওঃ সংস্কৃতিৰ পথাৰখনত সম্ভাৱনাৰ ন,ন সৃষ্টিৰ নিৰন্তৰ প্ৰয়াসৰ লগতে অসমৰ জাতীয় কৃষ্টিক উপস্থাপন কৰাৰ উদ্দেশ্য আগত ৰাখি নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী 'সৃষ্টি'ৰ উদ্যোগত ২০০৪ চনৰ পৰা নগাঁৱত অনুষ্ঠিত হৈছিল 'বসন্ত উৎসৱ । এই উৎসৱে চলিত বৰ্ষত ২০তম বৰ্ষ গৰকিলে।

Advertisment

কলঙৰ বাকৰি নেহৰুবালিত অনুষ্ঠিত 'বসন্ত উৎসৱ'ৰ কাৰ্যসূচীত পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো অনুষ্ঠিত হোৱা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট নৃত্য শিল্পী পংকজ ইংতিৰ পৰিচালনাত বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ নৃত্যানুষ্ঠানে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় । লগতে তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান 'নক্ষত্ৰ'ই প্ৰদৰ্শন কৰা সুন্দৰ অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে ।

publive-image
"কলংপৰীয়া শিল্পী বঁটা" প্ৰদান

ইয়াৰোপৰি "বসন্ত উৎসৱ"ৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম আকৰ্ষণ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত শিল্পী গৰাকীয়ে পৰিৱোশন কৰা প্ৰতিটো গীতে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।

বসন্ত উৎসৱৰ কাৰ্যসূচীত ২০০৯ চনৰ পৰাই এগৰাকী প্ৰচাৰ বিমুখ তথা চহা শিল্পী সকলৰ বিৰল কৰ্মৰাজীক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে 'কলংপৰীয়া শিল্পী বঁটা' প্ৰদান কৰি অহা হৈছে । চলিত বৰ্ষৰ 'বসন্ত উৎসৱ'টো নগাঁও জিলাৰ ৰাইডঙীয়াৰ নতুন ভোগবাৰীৰ লোক সংস্কৃতিৰ সাধক চহা শিল্পী প্ৰায় ৯১ বছৰীয়া মানিক কলিতাক "কলংপৰীয়া শিল্পী বঁটা" প্ৰদান কৰা হয় ।

Also Read: আজি মাতৃ দিৱস...

award zubeen garg basantav utsav