
ডিজিটেল সংবাদ, মায়ং: মানুহ জনৰ নাম ভবেন মহন্ত। ৫৬ বছৰীয়া মানুহজনৰ ঘৰ মায়ঙৰ ঢেকিয়াবাৰী খাতৰগাঁৱত। পৰিয়াল বুলিবলৈ তেখেতৰ পত্নী আৰু দুজনী ছোৱালী। ছোৱালী দুজনীয়ে ইতিমধ্য বি এ পাছ কৰিবলৈ সক্ষম হৈছে।
একমাত্ৰ চাইকেল খনেই তেখেতৰ উপাৰ্জন ৰ আহিলা। যোৱা ৩০ টা বছৰ এক কঠিন জীৱন সংগ্ৰাম চলাই নিজৰ পৰিয়ালটো চলাই আহিছে এইজন ব্যক্তিয়ে। দেওবাৰে তেওঁৰ কঠোৰ জীৱন সংগ্ৰামৰ স্বীকৃতি স্বৰুপে মায়ঙৰ ৰাইজে লক্ষ্মীপূজাৰ মঞ্চত ৰাজহুৱাকৈ জনাইছে সম্বৰ্ধনা।
যোৱা ১৫ বছৰে হাৰ্টৰ অসুখত ভুগি থকা ভবেন মহন্তৰ অমায়িক স্বভাৱৰ কথা গাওঁবাসীয়ে শলাগে। ত্ৰিশ বছৰ আগতে যেতিয়া মায়ঙৰ বাট-পথ ৰ অৱস্থা দুৰ্গম আছিল। চন্দ্ৰপুৰৰ কাজলী মুখত কলঙৰ ওপৰত দলং খন হৈ উঠা নাছিল। নৌকাৰে মায়ং আৰু চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজে ইপাৰ সিপাৰ হৈছিল। সেই সময়ৰ পৰাই এখন চাইকেলক একমাত্ৰ সাৰথি কৰি ভবেন মহন্তই কঢ়িয়াই লৈ ফুৰিছিল বাতৰি কাকত।
আজিৰ পৰা ত্ৰিশ বছৰ আগত বাতৰি কাকতৰ মূল্য আছিল মাত্ৰ ২/৩ টকা। ভবেন মহন্তই যিটো সময়ত বাতৰি কাকত চন্দ্ৰপুৰৰ পৰা চাইকেল চলাই আহি মায়ঙৰ চুবুৰীয়ে চুবুৰীয়ে বিলাই ফুৰিছিল। তেতিয়া মাত্ৰ ৪০খন কাকত হে বিক্ৰী হৈছিল। সেই ৪০ খন কাকত বিক্ৰী কৰি পোৱা কমিছনৰ টকা কেইটাৰে আৰম্ভ কৰিছিল জীৱন সংগ্ৰাম। এতিয়া বাতৰি কাকতৰ সংখ্যা বাঢ়ি ৪০০ খন হৈছে বুলি জানিবলৈ দিয়ে ভবেন মহন্তই।
ৰাস্তা-ঘাট বেয়া থকাৰ দিনৰ পৰা আজিৰ পৰা ৪/৫বছৰ মান আগলৈ পথ যোগাযোগ উন্নত হোৱাৰ পিছতো ভবেন মহন্ত ই মায়ঙৰ পাঠক সমাজক বাতৰি কাকত যোগান ধৰি আহিছে নিয়মিতভাৱে।
গুৱাহাটীৰ পৰা যদিও মায়ঙলৈ ৩০ কিলোমিটাৰ বাট, তথাপিও মায়ঙৰ ৰাইজে পিছবেলা হে পুৱাৰ বাতৰি কাকত খন পঢ়িবলৈ সক্ষম হয়। কিন্তু কিয় ইমান দেৰি হ'ল, কিয় সদায় পলমকৈ আহে বুলি কোনেও কেতিয়াও প্ৰশ্ন কৰা নকৰে ভবেন মহন্তক।কাৰণ মায়ঙৰ পাঠক সমাজে ভালদৰেই উপলব্ধি কৰিব পাৰে ভবেন মহন্তৰ অসুস্থ শৰীৰৰ কথা আৰু পৰিয়ালৰ কথা। মহন্তৰ মৰমতে মানবীয়তাৰ খাতিৰতে দেৰি হ'লেও কোনো বেয়া কথা শুনিব লগা নহয় ভবেন মহন্তই।
দিনৰ দিনটো চাইকেল চলাই ভাগৰুৱা হৈ পৰিলে আধা বাটত কিছু পৰ জিৰনি লয় কেতিয়াবা ভবেন মহন্তই। চন্দ্ৰপুৰৰ এজেঞ্চিৰ পৰা কাকতৰ টোপোলা টো মোনাত ভৰাই লৈ আহি ঘৰত দুপৰীয়াৰ ভাত কেইটা খাই অলপ বিশ্ৰাম কৰি তাৰ পিছত মায়ঙৰ ফালে আগবাঢ়ি যায় ভবেন মহন্ত। কেতিয়াবা সন্ধিয়াও হৈ যায় পেপাৰ বিলাওতে। এইদৰেই জীৱনৰ ত্ৰিশটা বসন্ত পাৰ কৰিলে মহন্তই। আজি সেইগৰাকী ব্যক্তিক ৰাজহুৱা কৈ সন্মান জনাইছে মায়ঙৰ ৰাইজে।
তিনি দিনীয়াকৈ আয়োজন কৰা ঐতিহাসিক মায়ঙৰ সাৰ্বজনীন লক্ষ্মীপূজা সমিতিয়ে ভবেন মহন্তৰ কৰ্মৰাজিৰ বাবে এখন গামোচা, চেলেং চাদৰ, জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই। পূজা উদযাপন সমিতিৰ সভাপতি ৰাজেন শইকীয়া, সম্পাদক ঘনশ্যাম নাথ, মুকুত বিষয়া, দিলিপ শইকীয়া, ড০ উৎপল নাথ, বিপুল ডেকা, মনোজ নাথকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাইজৰ সন্মুখত দেওবাৰে সম্বৰ্ধনা জনাই সুখ অনুভৱ কৰে উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে।