/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9b9c01d7-d2e4-4e75-8002-7bc312705483/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
স্মিতা ভৰালী
দেশ বৰ্তমান বিশ্বকাপ জ্বৰত আক্ৰান্ত। চাৰিওদিশে চৰ্চাত আছে কোহলি-ৰোহিত-কে এল ৰাহুলৰ কাহিনী। কিন্তু বজাৰৰ চৰ্চাত অগ্ৰাধিকাৰ লভিছে গোলাপী জাৰ্চীধাৰী খেলুৱৈগৰাকীয়ে। ৰোহিত- কোহলীৰ চেঞ্চুৰীত যিদৰে অনুৰাগীয়ে উৎসাহত চিঞৰিছে এইগৰাকী খেলুৱৈৰ চেঞ্চুৰীৰ আশংকাত বজাৰৰ লিষ্ট চুটি কৰিছে ৰাইজে।
দেশৰ পাচলি বজাৰৰ চৰ্চাৰ লগতে বিশ্বকাপৰ উৎকণ্ঠাৰ মাজতো নিজকে লাইমলাইটলৈ আনিবলৈ সক্ষম হোৱা এইগৰাকী গোলাপী জাৰ্চিধাৰী খেলুৱৈ হৈছে পিয়াঁজ। বৰ্তমান পিয়াঁজৰ দৰ প্ৰতিকিলোত ৮০ টকা। কোনো কোনো ঠাইত সম্ভৱতঃ ইয়াতকৈও বেছি। পাচলি সমাজত যি স্থান দুমাহ মান আগতে বিলাহীয়ে অধিকাৰ কৰি আছিল এতিয়া সেই স্থানত অধিষ্ঠিত হৈছে পিয়াঁজ। চেঞ্চুৰীৰ দিশে আগবাঢ়িছে পিঁয়াজ।
পিয়াঁজৰ বাবে এই চৰ্চা আৰু গ্লেমাৰ নতুন নহয়। পূৰ্বেও বহুবাৰ দেশৰ আগশাৰীৰ সংবাদ মাধ্যমৰ লগতে উচ্চ স্তৰীয় বৈঠকত নিজৰ বৰ্দ্ধিত মূল্যৰ বাবে চৰ্চিত হৈছিল পিয়াঁজ। দেশৰ যোগান বিভাগৰ দৰ নিয়ন্ত্ৰণৰ বিফলতা আৰু পাচলি মজুতকৰণৰ উপযুক্ত ব্যৱস্থা কৰি দিব নোৱোৰা সংশ্লিষ্ট বিভাগৰ আশীৰ্বাদৰ ফলতেই পিঁয়াজে প্ৰায় প্ৰতিবছৰেই লাভ কৰি আহিছে এই ভি আই পি ট্ৰিটমেণ্ট।
বজাৰত এতিয়া পিঁয়াজ বিলাসী। একেদৰে দেশৰ মধ্যবিত্তসকলৰ পাকঘৰতো এতিয়া পিয়াঁজৰ আতিথ্য পৃথক। আলু-কচুৰ সৈতে এতিয়া একেটা খৰাহীতে নাথাকে পিঁয়াজ। পিঁয়াজৰ স্থান এতিয়া পৃথকে ফ্ৰীজৰ ওপৰত অথবা অন্য কোনো নিৰাপদ স্থানত। গৃহীনীসকলেও বুজিছে এটা পিঁয়াজৰ মূল্য এতিয়া এটুকুৰা মাংস অথবা পনীৰৰ সমান !
ৰাইজে ভূগিছে। এটা পিয়াজৰ ঠাইত এফাল পিঁয়াজেৰে ৰান্ধিছে ব্যঞ্জন। কিন্তু এই পৰ্যন্ত কাণসাৰ নাই জনপ্ৰতিনিধিৰ। বজাৰৰ জুইত চকু নপৰে চৰকাৰৰ। বিলাসী বাহনত ঘূৰি, সুউচ্চ অট্টালিকাত থাকি তেওঁলোকে অনুভৱ কৰিব নোৱাৰে বজাৰৰ উত্তাপ।
অৰ্থনীতিৰ ভাষাত অত্যৱশ্যকীয় সামগ্ৰীৰ এই বৃহৎ মূল্যবৃদ্ধিয়ে দেশৰ দুৰৱস্থাক সুচায়। কিন্তু সুৰা আৰু নিচাজাতীয় সামগ্ৰীৰ কৰেৰে ধনী হোৱা চৰকাৰৰ সূত্ৰ চাগে কিছু পৃথক! যাৰ বাবে সাধাৰণ অৰ্থবিজ্ঞান বুজা সাধাৰণ ৰাইজৰ অৰ্থনৈতিক অৱস্থাক উপলুঙা কৰি বজাৰত এতিয়া চেঞ্চুৰীৰ দিশে অগ্ৰসৰ হৈছে পিয়াঁজ।
পিয়াঁজৰ এই অভাৱনীয় মূল্যবৃদ্ধিৰ কাৰণো সাধাৰণ জনতাৰ জ্ঞানৰ পৰা দূৰত। খুচুৰা বজাৰত ইয়াৰ কাৰণ সুধিলে উত্তৰত আহে পাইকাৰী বজাৰৰ মূল্যবৃদ্ধিৰ খবৰ। পাইকাৰী বজাৰৰ পৰা উত্তৰ আহে যোগানৰ সমস্যা, পৰিবহনৰ সমস্যা আদি বিভিন্ন কাৰণ।
কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই সমস্যা সমাধানৰ বাবে প্ৰকৃতাৰ্থত যোগান বিভাগে যি খা-খবৰ ল'ব লাগিছিল, যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাৰ সম্পূৰ্ণ বিপৰীত স্থিতিত নীৰৱ হৈ আছে । একেই অৱস্থা বিভাগীয় মন্ত্ৰীৰো। মাজে সময়ে বজাৰত ভুমুকি মাৰি অথবা দুই এজন খুচুৰা ব্যৱসায়ীক সাংবাদিকে শুনাকৈ ধনক দি দায়িত্ব সামৰিছে বিভাগীয় মন্ত্ৰীয়ে।
চৰকাৰী বিভাগৰ পৰিৱৰ্তে সংবাদ মাধ্যম অথবা সাধাৰণ জনতাইহে এতিয়া বেছিকৈ খবৰ কৰিছে পিয়াঁজৰ দাম বঢ়াৰ কাৰণ। আপুনি গুগল কৰি চালেই ইন্টাৰনেটত উপলব্ধ হ'ব পিয়াঁজৰ বৰ্ধিত দামৰ ওপৰত বহু কেইটা প্ৰতিবেদন কিন্তু চৰকাৰী পক্ষ অথবা সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা আপুনি বিচাৰি নাপায় কোনো এটি মন্তব্যও।
কথাতে কোৱা হয় যে, নিজৰ মুখৰ জুই নিজেই নুমাব লাগে। এতিয়া জনতাৰো সেই একেই অৱস্থাই হৈছে। পিয়াঁজৰ মূল্যবৃদ্ধিৰ জুইয়ে দহিছে বাবেই ইয়াৰ কাৰণ বিচাৰি সোধা-পোছা কৰিছে ৰাইজে। কিন্তু যিখন পাকঘৰৰ ভৰাঁল সদায় মৰম নামৰ ভেটিৰে ভৰি থাকে তেনে পাকঘৰৰ গৰাকীয়েনো কিয় চিন্তা কৰিব পাচলিৰ দৰৰ কথা।
কিন্তু পিঁয়াজৰ দৰৰ উত্তাপ এতিয়া কোহলীৰ শতকৰ উত্তেজনাতকৈও বেছি হৈছে। বিশ্বকাপত ভাৰতীয় খেলুৱৈৰ শতকে ৰাইজক যিমানেই সুখী নকৰক কিয় বজাৰত হোৱা পাচলিৰ মূল্যবৃদ্ধিয়ে সেই সুখ ক্ষণিকতে নোহোৱা কৰিছে। এই ব্যথা ৰাইজে আৰু ৪টা মাহ মান মনত পুহি ৰাখিলে কিন্তু পিঁয়াজ নকটাকৈয়ে চকুপানী টুকিব লাগিব ৰজাঘৰীয়াই।
Also Read: প্ৰিয় নদী সোৱণশিৰি
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us