সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈক বোৰ্খা পিন্ধাৰ আহ্বান বদৰুদ্দিন আজমলৰ

সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈক বোৰ্খা পিন্ধাৰ আহ্বান বদৰুদ্দিন আজমলৰ

ডিজিটেল সংবাদ,মায়ংঃ মঙলবাৰে মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিত হেলিকপ্তাৰ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে। নিৰ্বাচনী সভাত উপস্থিত হৈ বিৰোধীক লক্ষ্য কৰি কেইবাটাও মন্তব্য কৰে আজমলে। তেওঁ কয় যে,সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ টুপী পিন্ধি কাম নহ'ল সেয়ে দুই নেতাই বোৰ্খা পিন্ধি ৰাইজৰ কাষ চাপিব লাগে। তেওঁলোকে হিন্দু এলেকাত ভোট নিবিচাৰে,কেৱল মুছলমান এলেকাতহে ভোট বিচাৰে। বিজেপি-কংগ্ৰেছ দলে মুছলমান মানুহক বুৰ্বক বুলি ভাবিছে।বিজেপি দলে মুছলমানক হাৰাশাস্তি কৰিছে।

ভাষণ প্ৰসংগত ধুবুৰীত ৰকিবুল হুছেইন হাৰিব আৰু মই জয়ী হ'ম বুলিও কয় আজমলে। লগতে হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰে। উক্ত সভাত উপস্থিত থাকি লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আমিনুল ইছলামে ৫ লাখ ভোটত জিকিম বুলি মন্তব্য় কৰে। উল্লেখ্যযোগ্য যে নগাঁও লোকসভা সমষ্টিত বহু হিন্দু মানুহ আৰু ছালফাই মোৰ হৈ কাম কৰি আছে বুলিও কয় আমিনুল ইছলামে।

আনহাতে,আজমলৰ সভাত সুৰেশ বৰা ধ্বনি দিয়াকৈ লৈ ক্ষোভিত হৈ পৰে আৰু বিজেপিৰ এজেন্টে ১০ হাজাৰ টকা লৈ এই কাম কৰিছে বুলি মন্তব্য কৰে আজমলে। লগতে জিন্দাবাদ ধ্বনি দিয়া জনক দলিয়াই দিবলৈ কয় বদৰুদ্দিন আজমলে।

সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈক বোৰ্খা পিন্ধাৰ আহ্বান বদৰুদ্দিন আজমলৰ
ব্ৰহ্মপুত্ৰৰ ৰূহিতা চাপৰিত গঁড়ৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in