/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/eac720e0-a1cf-482a-99a3-6a9177e38c43/ap_for_web_rhino.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,বোকাখাতঃ বোকাখাত উপ জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ ৰূহিতা চাপৰিত মঙলবাৰে এটা গঁড়ৰ মৃত্যু হয়। কেইবাদিন ধৰি ৰূহিতা চাপৰিত বিচৰণ কৰি থকা গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে ৰাইজৰ সহযোগত কাজিৰঙালৈ উভতাই পঠিয়াবলৈ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হৈছিল।
উল্লেখযোগ্য যে,এখন ট্ৰেক্টৰত আক্ৰমণ কৰি আহত হৈছিল গঁড়টো। আজি ৰূহিতা চাপৰিত গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও বৰ্তমানলৈ গঁড়টোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
Also Read: চাৰ্ভাইকেল আৰু বেষ্ট কেঞ্চাৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক দিব মোডীয়েঃ মুখ্যমন্ত্ৰী