/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f0ed6a28-4150-4740-8069-58da879cdad8/fff.jpg)
ডিজিটেল সংবাদ,মায়ংঃ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত জাগীৰোড সমষ্টিৰ পশ্চিম মায়ং অঞ্চলৰ হাতীবাগৰা গাঁৱৰ আদৰ্শবান কৃষক তুলসী শইকীয়া আৰু ৰীতা শইকীয়াৰ সুযোগ্য পুত্ৰ ৰিবু শইকীয়াৰ সাফল্য। সদ্য ঘোষিত এ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে চন্দ্ৰপুৰ আৰু মায়ং অঞ্চললৈ।
ৰিবু শইকীয়া খণ্ড উন্নয়ন বিষয়া হিচাপে বাছনি হৈছে। চন্দ্ৰপুৰ চি টি পি এছ হাইস্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ চল্ট ব্ৰক ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।তাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমাপ্ত কৰি এইবাৰ এপিএছছি পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়।তেওঁৰ সাফল্যত পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজে আনন্দ উল্লাস কৰিছে।বিভিন্ন জনে শুভেচ্ছা জনাইছে।
Also Read: প্ৰথম প্ৰচেষ্টাতে APS বিষয়া হ'ল নগাঁৱৰ ভাস্কৰ শিখা শইকীয়া