মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহঃ প্ৰতিমূৰ্তি উন্মোচন, বঁটা প্ৰদান...

মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহঃ প্ৰতিমূৰ্তি উন্মোচন, বঁটা প্ৰদান...
মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহঃ প্ৰতিমূৰ্তি উন্মোচন, বঁটা প্ৰদান...

ডিজিটেল ডেস্ক মায়ংঃ মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়খনে নাকৰ পৰিদৰ্শনত এ+ গ্ৰেড লাভ কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰা প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিষয়ববীয়াসকলে প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰে।আজি মায়ং আঞ্চলিক মহাবিদ্যালয় প্ৰাক্তন ছাত্র সন্মিলনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰাক্তন ছাত্র সমাৰোহ।

পুৱাৰ ভাগত মাৰাথান দৌৰ প্ৰতিযোগিতাৰে সমাৰোহৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। পুৱা ১০ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০  মহানন্দ বৰা উপস্থিত থাকিব নোৱাৰাৰ বাবে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে জ্যেষ্ঠ অধ্যাপক ড০ গুনেশ্বৰ ডেকা আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি বীৰেশ্বৰ কেলেঙে।

শ্বহীদ তৰ্পণ কৰে মায়ঙৰ বিশিষ্ট সমাজ কৰ্মী বুদ্ধেশ্বৰ নাথ,ৰামচন্দ্ৰ শইকীয়া আৰু প্ৰাক্তন গাঁওপ্ৰধান হেম ডেকাই। মহাবিদ্যালয়ৰ চৌহদত এটি গছপুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সত্যেন্দ্ৰ লহকৰে।

তাৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় এক  অন্তৰংগ আলাপ। সাংবাদিক নজৰুল ইছলামে আত ধৰা ৰসাল অন্তৰংগ আলাপ অনুষ্ঠানটো উপভোগ কৰি আপ্লুত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল।

আজিৰ দিনটোৰ উল্লেখযোগ্য কাৰ্যসূচী হিচাপে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ উদ্যোগত মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মায়ং খনিকৰ প্ৰয়াত দিপন চন্দ্ৰ নাথৰ আৱক্ষ মূৰ্তি এটা উন্মোচন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই।

মায়ঙৰ বিশিষ্ট নাগৰিক গৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি  উপায়ুক্ত গৰাকীয়ে তেখেতৰ ভাষণত কয় যে, মায়ং খনিকৰ ৰূপে জনাজাত দিপন চন্দ্ৰ নাথৰ জীৱন দৰ্শন,  আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে নতুন প্ৰজন্মই জনাটো অত্যন্ত প্ৰয়োজন। প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে বিশিষ্ট সমাজ কৰ্মীগৰাকীৰ আৱক্ষ মূৰ্তি স্থাপন কৰি যি মহানতা প্ৰদৰ্শন কৰিলে তাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাই উপায়ুক্তগৰাকীয়ে।

দিনৰ ১২ বজাত মায়ঙৰ পৰম্পৰাগত ৰজা তৰনিকান্ত সিংহ কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মায়ঙৰ তিনি গৰাকী বিশেষ ব্যক্তিক প্ৰাক্তন ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা বঁটা প্ৰদান কৰে। মায়ঙৰ লোক সংস্কৃতিৰ গৱেষক তথা মায়ং গ্ৰাম্য  সংগ্ৰাহলয় আৰু গৱেষণা কেন্দ্ৰৰ সভাপতি লোকেন্দ্ৰ হাজৰিকাক মায়ং বৈভৱ, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষন নাথক "মায়ং শিক্ষা সূৰ্য বঁটা" আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক, মায়ং পবিতৰা পৰ্যটনৰ বাটকটীয়া তথা মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰৰ সম্পাদক ড০ উৎপল নাথক "মায়ং  বিভূতি"  বঁটা প্ৰদান কৰে।

তাৰোপৰি নাকৰ দ্বাৰা ভাল ফলাফল লাভ কৰা মহাবিদ্যালয় কৰ্তৃপক্ষক বিশেষ সম্বৰ্ধনা জনাই। সভাখনৰ আদৰণি ভাষণ ৰাখে অধ্যাপক গুনেশ্বৰ ডেকাই। প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন সমিতিৰ সম্পাদক মনিৰত্ন ডেকাই আদৰণি অনুষ্ঠান আঁত ধৰাৰ পিছতেই উদ্দেশ্য ব্যাখ্যা কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক ভৰত বিষয়াই।

প্ৰয়াত দিপন চন্দ্ৰ নাথৰ প্ৰতিমূৰ্তি স্হাপনৰ তাৎপৰ্য আৰু প্ৰাক্তন ছাত্ৰ সন্মিলনৰ ভূমিকাৰ ওপৰত ভাষণ দিয়ে অধ্যাপক ড০ উৎপল নাথে। মায়ং আঞ্চলিক  মহাবিদ্যালয়ৰ ইতিহাস আৰু ক্ৰমবিকাশ সম্পৰ্কে বক্তব্য আগবঢ়াই প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফনিভূষন নাথে।

মুকলি সভাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি যুৱ প্ৰজন্মক উদ্দেশ্য কৰি বক্তব্য আগবঢ়াই যুৱ লেখিকা তথা গৱেষিকা ছাত্ৰী কংকনা মেধিয়ে। লগতে গ্ৰাম্য পৰ্যটন আৰু মায়ঙৰ ঐতিহাসিক সমল সমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ দায়বদ্ধতা শীৰ্ষক বক্তব্য ৰাখে প্ৰৱক্তা ড০ স্বপ্না মেধিয়ে।

সভাত উপস্থিত থাকে মায়ং অঞ্চলৰ যথেষ্ট সংখ্যক বিশিষ্ট নাগৰিক, প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল।বিয়লিৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে ভালে কেইগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখযোগ্য যে প্ৰাক্তন ছাত্ৰ সমাৰোহ আয়োজনৰ বাবে যোৱা ১৮ ডিচেম্বৰত মায়ং আঞ্চলিক মহাবিদ্যালয় প্ৰাঙ্গনত প্রাক্তন ছাত্র সন্মিলনৰ স্থায়ী সভাপতি বীৰেশ্বৰ কেলেঙৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। সাধাৰণ সভাই জয়ন্ত শইকীয়াক সভাপতি, লক্ষ্মণ শইকীয়া, ৰফিকুল ইছলামক উপ-সভাপতি, মনিৰত্ন ডেকা, দ্বীপ কুমাৰ শইকীয়াক যুটীয়া সম্পাদক হিচাপে বাছনি কৰি এখন উদযাপন  সমিতি গঠন কৰি প্ৰস্তুতি চলাইছিল।

মায়ং আঞ্চলিক মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহঃ প্ৰতিমূৰ্তি উন্মোচন, বঁটা প্ৰদান...
ছত্তীশগড় মাওবাদীৰ আক্ৰমণত ৩ জোৱান ছহিদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in