বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ, ভয়, ভাবুকিৰে ল'লে চহী আৰু পাছত...

মৰিগাঁও জিলাৰ গৰৈমাৰীৰ নিৱাসী ফকৰুল ইছলামৰ পিতৃ ২০১৭ চনত গৰৈমাৰী গাঁৱৰ গাঁওবুঢ়া হৈ থকা অৱস্থাত তেখেতৰ পুত্র ফকৰুল ইছলামে পিতৃৰ পদটোৰ আবেদন কৰিছিল।

author-image
Asomiya Pratidin
New Update
বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ, ভয়, ভাবুকিৰে ল'লে চহী আৰু পাছত...

ডিজিটেল সংবাদ, মৰিগাঁওঃ মৰিগাঁও গৰৈমাৰীত বিজেপি নেতাৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। মৰিগাঁও জিলাৰ গৰৈমাৰীৰ নিৱাসী ফকৰুল ইছলামৰ পিতৃ ২০১৭ চনত গৰৈমাৰী গাঁৱৰ গাঁওবুঢ়া হৈ থকা অৱস্থাত তেখেতৰ পুত্র ফকৰুল ইছলামে পিতৃৰ পদটোৰ আবেদন কৰিছিল।

Advertisment

উক্ত পদটোতে বিগত সময়ত কেইবাজনো লোকে আবেদন কৰিছে। ফকৰুল ইছলামে অভিযোগ উত্থাপন কৰিছে যে বিগত মাহৰ ২৪ তাৰিখে বিজেপি নেতা নুৰুল হুদা আৰু আহচান উল্লাই অন্য চাৰি জন ব্যক্তিৰ সহযোগত অভিযোগ কাৰী ফকৰুল ইছলামক ঘৰৰ পৰা মাতি নি প্ৰাণৰ ভয় দেখুৱাই এখন উকা কাগজত হস্তাক্ষৰ লয়।

তাৰ কিছু দিনৰ পিছতে ফকৰুল ইছলামে গম পাই যে হস্তাক্ষৰ কৰা উকা কাগজ খনক নুৰুল হুদা আৰু আহচান উল্লাই কৌশলৰে গাঁওবুঢ়া পদটোৰ পৰা নিজকে উঠাই লোৱা স্বীকাৰোক্তি কাগজ ৰূপে ব্যৱহাৰ কৰে। যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতি বাৰে ফকৰুল ইছলামে সকলো ঘটনাৰ সন্দৰ্ভত মৰিগাওঁ জিলাৰ উপায়ুক্তক লিখিত আকাৰে অৱগত কৰিছে।

Also Read: বিয়াৰ ৬ মাহ পাছতেই অন্য যুৱতীৰ সৈতে প্ৰেম, হত্যা কৰিলে গৰ্ভৱতী পত্নীক...