/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/23582533-342b-4a43-b539-5ed5028ab11b/assam_j.jpg)
আনোৱাৰ হুচেইন আৰু পত্নী
ডিজিটেল ডেস্ক: ৰাজ্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে শুকুৰবাৰে আন এক নৃশংস হত্যাকাণ্ডৰ খবৰ পোহৰলৈ আহিছে বকোৰ পৰা। প্ৰাপ্ত খবৰ অনুসৰি, অভিযুক্তই পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীক হত্যা কৰে।এই হত্যাকাণ্ড বকোৰ দক্ষিণ কামৰূপত সংঘটিত হৈছে।
জানিব পৰা মতে প্ৰায় ৬ মাহ আগত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। হত্যাৰ অভিযুক্তজন নতুন দেউচাৰ বাসিন্দা ছান মিঞাৰ পুত্ৰ আখটাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আনহাতে ভুক্তভোগী কিশোৰী গৰাকী ১৭ বছৰীয়া বকোৰ কলোহিকাশ গাঁৱৰ বাসিন্দা অসীম উদ্দিনৰ কন্যা।
বিয়াৰ পাছতেই অভিযুক্তই অন্য যুৱতীৰ প্ৰেমত পৰিছিল আৰু ইয়াৰ বাবে আপত্তি কৰিছিল পত্নীয়ে। গতিকে হত্যাৰ কাৰণ পৰকীয়া প্ৰেম বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ মতে মৃত্যুৰ সময়ত তেওঁ ২ মাহৰ গৰ্ভৱতী আছিল। আখটাৰ হুচেইনে বহুদিন ধৰি হত্যাৰ পৰিকল্পনা কৰিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।
অভিযোগ অনুসৰি যে আখটাৰে বুধবাৰে (১ মাৰ্চ) হত্যাকাণ্ডটো সংঘটিত কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ পলাই আছে। পৰিয়ালৰ এজাহাৰৰ পাছতেই মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।
কিশোৰী গৰাকীৰ মতে আখটাৰ হুচেইনে কিশোৰী গৰাকীৰ সৈতে পলাই গৈ বিবাহ পাশত আৱদ্ধ হৈছিল। আনহাতে যুৱকজনৰ পৰিয়ালে এয়া এক আত্মহত্যা বুলি কৈছিল যদিও আৰক্ষীয়ে কোনো তথ্য পোৱা নাই। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
Also Read: আজি বিশ্ব বন্যপ্ৰাণী দিৱস, সমগ্ৰ বিশ্বই কৰিব পালন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us