/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/3baa241c-cbcb-47f9-b026-e4cd52febf5f/4.jpg)
ডিজিটেল সংবাদ, মায়ং: সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশন ২১ নবেম্বৰ ৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত অধিবেশনৰ বুধবাৰে দ্বিতীয় দিন। এই উপলক্ষে মৰিগাঁও চহৰত বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশ।
ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ নেতৃত্বত মৰিগাঁও জিলা আছু আৰু মৰিগাঁও জিলাৰ ৰাইজৰ অকুণ্ঠ সহযোগত অনুষ্ঠিত অধিবেশনৰ বাকৰিত পুৱা পতাকা উত্তোলন কৰে আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই। পতাকা উত্তোলন কৰিয়েই খেলপথাৰত উপস্থিত থকা কেইবা হাজাৰ ৰাইজৰ সন্মুখত আদৰণি সমিতি আৰু উপ সমিতিৰ সকলো বিষয়ববীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মৰিগাঁও জিলাৰ এটি চমু আভাস ডাঙি ধৰে।
জিলাখনৰ ইতিহাস ঐতিহ্যৰ কথা ভাষনত উল্লেখ কৰাৰ পিছতেই বৰ্তমানৰ চৰকাৰখনৰ কাম-কাজক লৈ যথেষ্ট ক্ষুন্ন হৈ পৰা পৰিলক্ষিত হয়। ছাত্ৰ নেতা জনে নিজৰ স্বভাৱ সুলভ বক্তব্যৰে অতি যুক্তি আৰু সাৱলীলভাৱে সমালোচনা কৰি কয় যে, বৰ্তমান সময়ত ব্যক্তি, দল, চৰকাৰ একাকাৰ হৈ পৰিছে। ইয়াকে ফেচিবাদ বুলি কয়।বৰ্তমান সময়ত দিল্লী দিছপুৰত একপ্ৰকাৰ ফেচিবাদী চৰকাৰ চলি আছে। জাতিটোৰ অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত তিলমানো চিন্তা নাই এইখন চৰকাৰৰ। কেৱল হিতাধিকাৰী সজোৱাৰ চিন্তা।
মূল্যবৃদ্ধি প্ৰসংগটো সৰৱ হৈ পৰা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয় যে, চৰকাৰখনে ভুৱা ঢাক-ঢোল বজোৱা বন্ধ কৰিব লাগে। এফালৰ পৰা জনসাধাৰণক চেপি আহিছে চৰকাৰে। কিজীৱন দায়িনী ঔষধ, কি কাৰেন্টৰ বিল সকলোতে মাধমাৰ দিছে। ৰাজকোষ উদং হৈ পৰা চৰকাৰখনক অধিবেশন থলীৰ পৰাই এইদৰে হুংকাৰ দিয়ে।
জাতিটোৰ দুৰ্দিনত, অসমৰ আকাশত যেতিয়া দুৰ্যোগৰ কলিয়া ডাৱৰে আগুৰি ধৰে, তেতিয়াই আছুৰ প্ৰয়োজন অনুভৱ কৰে অসমৰ জনতাই। গতিকে আছুৰ ভুল আৰু বিতৰ্কক লৈ অসমৰ ৰাইজে সমালোচনা কৰাটো স্বাভাৱিক। আছুৰ ভুলবোৰক তীক্ষ্ণ সমালোচনা কৰিবলৈও উপস্থিত ৰাইজক আহ্বান জনাই উৎপল শৰ্মাই।
পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতেই লোকে লোকাৰণ্য হৈ পৰা অধিবেশন থলীত শ্বহীদ তৰ্পণ কৰে আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই। দেশৰ স্বাধীনতা আন্দোলন, অসম আন্দোলন, ভাষা আৰু খাদ্য আন্দোলনত যি সকল শ্বহীদে আত্মবলিদান দিলে সেই সকলক স্মৰণ কৰি উপস্থিত ৰাইজৰ সন্মুখত শংকৰ জ্যোতি বৰুৱাই কয় যে মৰিগাঁও বাসী ৰাইজৰ আতিথ্য, উৎসাহ, প্ৰেৰণাই আছুক যথেষ্ট শক্তি আৰু সাহস দিলে। মৰিগাঁও জিলাৰ ৰাইজ বহুত ধনৱন্ত হ'ব নোৱাৰিব পাৰে, কিন্তু বুকুৰ যি উম তাকে দেখি আপ্লুত হৈছো বুলি কয় শংকৰজ্যোতি বৰুৱাই।
হাজাৰ হাজাৰ ৰাইজৰ সন্মুখত উদাত্ত কণ্ঠৰে বৰুৱাই লগতে কয় যে, অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত আছুৰ যি দায়িত্ব সেয়া পালন কৰি যাবলৈ আছু অংগীকাৰবদ্ধ । অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত সাম্প্রদায়িকতাৰ বীজ সিচি যি সকলে ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ কৰি আছে সেয়া কোনোপধ্যেই হ'বলৈ দিয়া নহ'ব। মৰিগাঁও চহৰৰ মাজমজিয়াত ওলোৱা বুধবাৰৰ সমন্বয়ৰ শোভাযাত্ৰাই তাকেই প্ৰমাণ কৰি দিলে।
চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি ছাত্ৰ নেতা জনে লগতে কয় যে, এইখন চৰকাৰৰ দিনত যিটো হাৰত জনতাই কৰ কাটল দিব লগা হৈ আহিছে কেইদিনমানৰ পিছত হয়টো উসাহ-নিশাহ লোৱাৰ নামতো কৰ দিব লাগিব। ৰজাই যি ভাবে তাকেই কৰি আছে। অসমীয়া মানুহক হিতাধিকাৰী সজাই অৰ্থনৈতিকভাৱে কোঙা কৰি পেলাইছে। ৰাজনৈতিক পাক চক্ৰত পেলাই লৈ জনসাধাৰণক জুৰুলা কৰি অহা বুলিও ক্ষুৰধাৰ সমালোচনা কৰে যুৱ নেতা গৰাকীয়ে।
নিজৰ ভাষা নিজৰ সংস্কৃতি, কৃষ্টি ঠিক কৰি নিজৰ জাতিটোৰ পৰিচয় সদায়েই বজাই ৰাখিব লাগিব বুলি আহ্বান জনাই অধিবেশনত উপস্থিত থকা ৰাইজক। ইয়াৰ পিছতেই অৰ্ধ লক্ষাধিক লোকৰ সমাবেশ ঘটা অধিবেশনৰ সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, নয়ন নিলীম, শিল্পী ৰিছা ভৰদ্বাজ আৰু আদৰণি সমিতিৰ সভাপতি সম্পাদক প্ৰমূখ্যে বিশিষ্ট অতিথি উপস্থিত থকা শোভাযাত্ৰা উদ্বোধন কৰাৰ প্ৰাকক্ষণত আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই কয় যে, মৰিগাঁও জিলাত আৰম্ভ হোৱা আছুৰ অধিবেশনে দেখুৱাই দিলে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা সমন্বয় আৰু সম্প্ৰীতি। প্ৰতিক্ৰিয়াশীল চক্ৰ আৰু ৰজা ঘৰে মাজে সময়ে সাম্প্রদায়িকতাৰ বীজ সিচে বিভাজন আনিবলৈ । পিছে সফল হব পৰা নাই।
তেওঁ লগতে কয় যে, প্ৰতিক্ৰিয়াশীল চক্ৰক সতৰ্ক কৰি দিব লাগিব আৰু অসমৰ জনতাই দেখুৱাই দিব লাগিব যে জনতাৰ মাজত কোনো ভেদাভেদ নাই। সংঘাত নাই।সকলো একেলগে আছিল,আছে আৰু একেলগেই আগবঢ়ি যাব। সমুজ্জ্বল ভট্টাচাৰ্যই লগতে কয় যে, অসমৰ সকলো দিশতে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব থাকিব লাগিব। নতুন প্ৰজন্মক আগুৱাই নিবলৈ হ'লে আধ্যাত্মিক চিন্তা চেতনাৰ প্ৰয়োজন আছে। আছুৰ অধিবেশনত বহু কেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হ'ব।
Also Read: কৰ দি মৰ !