/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4c0da40a-4f0e-4f22-a49b-862f53e92f08/Ahatguri.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও জিলাৰ আঁহতগুৰিত মঙলবাৰে গৰু চুৰিৰ সন্দেহত গণ প্ৰহাৰৰ বলি হৈ এজন যুৱকে অকাল মৃত্যুক আকোঁৱালি লৈছিল। ইয়াৰোপৰি এই ঘটনাত দুজন যুৱক আহত হৈছিল।
উক্ত কাণ্ডত নিহত আৰু আহত হোৱা বৰবৰী গাঁৱৰ যুৱক কেইজনৰ বাসগৃহত খবৰ ল'বলৈ উপস্থিত হয় জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা। বুধবাৰে উপায়ুক্তগৰাকীয়ে নিহত যুৱকজনৰ বাসগৃহত উপস্থিত হৈ এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে আহত যুৱক দুজনৰ চিকিৎসাৰ যি খৰচ হয় সেয়া বহন কৰাৰ আশ্বাস প্ৰদান কৰে।
ইয়াৰোপৰি উক্ত ঘটনাৰে জড়িত দোষীসকলক শীঘ্ৰেই কৰায়ত্ব কৰাৰ কথাও তেওঁ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে। তাৰোপৰি অঞ্চলটোত শান্তি সম্প্ৰীতি বজাই ৰাখিব লৈ সকলোকে আহ্বান জনাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে ভৱিষ্যত ৰ দিনত যাতে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় সেই দিশটোৰ প্ৰতি সকলো পক্ষই তীক্ষ্ণ নজৰ দিয়াৰ প্ৰয়োজন।
Also Read: কাজলগাঁৱৰ ১৫ নং এছ এছ বিৰ মুখ্য কাৰ্যালয়ত কাৰ্গিল বিজয় দিৱস উদযাপন