কাজলগাঁৱৰ ১৫ নং এছ এছ বিৰ মুখ্য কাৰ্যালয়ত কাৰ্গিল বিজয় দিৱস উদযাপন

প্ৰতিগৰাকী ছহিদৰ স্মৃতিত গছপুলি ৰোপণ

author-image
Asomiya Pratidin
New Update
কাজলগাঁৱৰ ১৫ নং এছ এছ বিৰ মুখ্য কাৰ্যালয়ত কাৰ্গিল বিজয় দিৱস উদযাপন

ডিজিটেল সংবাদ,চিৰাং : আজি কাৰ্গিল বিজয় দিৱস। ১৯৯৯ চনৰ ২৬ জুলাই অৰ্থাৎ আজিৰ এই ঐতিহাসিক দিনটো ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে খোদিত হৈ আছে। এই দিনটোতে ভাৰতীয় সেনাই পৰাক্ৰমেৰে পাকিস্তানী সৈন্য আৰু অনুপ্ৰৱেশকাৰী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল।

কাৰ্গিলৰ যুদ্ধত মুঠ ৫২৭ গৰাকী ভাৰতীয় বীৰ সেনাই দেশমাতৃৰ হকে যুঁজ দি নিজৰ প্ৰাণ বিসৰ্জন দি ছহিদ হৈছিল । তাৰে ১৩৬৩ গৰাকী বীৰসেনা আহত হৈছিল ।

দেশ মাতৃৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চিৰাঙতো কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। কাজলগাঁৱস্থিত সশস্ত্ৰ সীমা বলৰ ১৫ নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়ত যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়।

এই অনুষ্ঠানত বঙাইগাঁও ছেক্টৰৰ এছ এছ বিৰ ডি আই জি অমৃত কুমাৰ ঠাকুৰৰ লগতে কাজলগাঁও ১৫ নং বেটেলিয়ন এছ এছ বিৰ কমাডেণ্ট নিৰজ চান্দৰ লগতে এছ এছ বিৰ আন বিষয়াসকলে প্ৰতিগৰাকী ছহিদলৈ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিচতে এছ এছ বিৰ বিষয়াসকলে কাৰ্গিল যুদ্ধৰ প্ৰতিগৰাকী ছহিদ বীৰসেনাৰ নাম স্মৰণ কৰি এটাকৈ গছপুলি ৰোপণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Also Read: সন্ধানহীন ৰঙামাটি চাহ বাগিচাৰ দিন হাজিৰা কৰা জগন্নাথ ৰবি দাস

chirang Kargil Vijay Diwas