মায়ং আঞ্চলিক মহাবিদ্যালয়ত কৃষি তথ্য কেন্দ্ৰ মুকলি

মায়ং আঞ্চলিক মহাবিদ্যালয়ত কৃষি তথ্য কেন্দ্ৰ মুকলি

ডিজিটেল সংবাদ মায়ং : মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত শুকুৰবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক শাখাৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত কৃষি তথ্য কেন্দ্ৰ এটা মুকলি কৰে। তথ্য কেন্দ্ৰটো ফিটা কাটি উন্মোচন কৰে অধ্যাপক ড০ কৌশিক দাসে।

তথ্য কেন্দ্ৰটোৰ পৰা কৃষকসকলে কৃষি সম্পৰ্কীয় বিভিন্ন তথ্য ,প্ৰযুক্তি আৰু আঁচনিৰ বিষয়ে জানিব পাৰিব। এই উপলক্ষে নাকৰ দ্বাৰা এ+ গ্ৰেড লাভ কৰা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন মুকলি সভা।

অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰিয়ম হাজৰিকা আৰু মোস্তাফা হাছানে আঁত ধৰা সভাখনত আদৰণি ভাষণ আগবঢ়াই প্ৰিয়ম হাজৰিকাই। আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ কৌশিক দাসে।

তেওঁ নিজৰ ভাষণত কয় যে, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিখন হ'ল কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পাঠ্যক্ৰমৰ অন্তভূৰ্ক্ত এটা বিষয়। শ্ৰেণীকোঠা আৰু গৱেষণাগাৰত থাকি ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিৰ জ্ঞান অৰ্জন কৰে;কিন্তু কৃষকৰ দৈনন্দিন জীৱন যাত্ৰা,কৃষি পদ্ধতি আৰু পথাৰৰ জ্ঞান অসম্পূৰ্ণ হৈ ৰয়।

সেইখিনি জ্ঞান আহৰণৰ বাবেই কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অসমৰ বিভিন্ন জিলাৰ কৃষকৰ সতে ভাবৰ আদান-প্ৰদান কৰিব লৈ আৰু বাস্তৱ অভিজ্ঞতা ল'বৰ বাবে পথাৰৰ মাজলৈ পঠোৱা হয়। আজিৰ অনুষ্ঠানত উপস্থিত থাকি ভাষণ আগবঢ়াই কৃষি বিশ্ববিদ্যালয়ৰ ডীন ড০ প্ৰসন্ন কুমাৰ পাঠক ,ড০ বসন্ত কুমাৰ বৰা,ড০ সুপ্ৰিয় সোণোৱাল, ঝাৰগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সপ্তদ্বীপা ভট্ৰাচাৰ্য্যি,মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০মহাননদ বৰা,প্ৰাক্তন অধ্যক্ষ ড০ ফনিভূষণ নাথ আৰু সুকন্যা গগৈয়ে।

আদৰ্শবান কৃষক পদ্মেশ্বৰ নাথে সভাৰ আৰম্ভণিতে নিজৰ কৃষিভূমিত কৰা কৃষি কৰ্মৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয় খনৰ ১৯২ গৰাকী ছাত্ৰ-ছাত্ৰীক মৰিগাঁও, নগাঁও, লক্ষিমপুৰ, গোলাঘাট, ধেমাজি আৰু শোণিতপুৰ জিলালৈ ইতিমধ্য গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত বাস্তৱ অভিজ্ঞতা বুটলিব লৈ প্ৰেৰণ কৰা হৈছে।

মায়ঙত আছে ৩৩ গৰাকী। মায়ঙৰ বিভিন্ন গাঁৱৰ ভাৰাঘৰত থাকি অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰচেষ্টাত আজিৰ এই সুন্দৰ অনুষ্ঠানটো আয়োজন কৰা হয়। সভাৰ আৰম্ভণিতে শিক্ষাৰ্থীসকলে এটি সমবেত সংগীত পৰিবেশন কৰে।

মায়ং আঞ্চলিক মহাবিদ্যালয়ত কৃষি তথ্য কেন্দ্ৰ মুকলি
চাপৰমুখত গাঞ্জা জব্দ : এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in