চাপৰমুখত গাঞ্জা জব্দ : এজনক আটক

চাপৰমুখত গাঞ্জা জব্দ : এজনক আটক

ডিজিটেল সংবাদ,ৰহা : চাপৰমুখত ১২ কেজি গাঞ্জাসহ ৰে'লৱে সুৰক্ষা বাহিনীয়ে ১ জন লোকক আটক কৰে। এক নিৰ্ভৰযোগ্য গোপন খবৰৰ ভিত্তিত চাপৰমুখৰ ৰে'লৱে সুৰক্ষা বাহিনীৰ লোকে অবৈধভাৱে ৰে'লত গাঞ্জা সৰবৰাহত জড়িত এজন ব্যক্তিক আটক কৰে ।

জানিব পৰা মতে,গাঞ্জাখিনি ডাউন আগৰতলা - লোকমান্য তিলক টাৰ্মিনেল যাত্ৰীবাহী ৰে'লৰ পৰা জব্দ কৰা হয় । এখন প্লাষ্টিকৰে মেৰিয়াই অনা ১১ টা পেকেট, প্ৰায় ১২ কিলোগ্ৰাম ওজনৰ গাঞ্জাখিনিৰ লগতে এজন ব্যক্তিক ৰে'ল সুৰক্ষা বাহিনীৰ লোকে আটক কৰে ।

গাঞ্জা সৰবৰাহত জড়িত অভিযুক্ত ব্যক্তিজন কামৰূপ ( গ্ৰাম্য )ৰ অন্তৰ্গত ৰঙিয়াৰ মোস্তাফা আলি বুলি চিনাক্ত কৰা হৈছে ।

চাপৰমুখত গাঞ্জা জব্দ : এজনক আটক
ইউনেস্ক'ৰ ভাৰতীয় প্রতিনিধিয়ে পৰিদৰ্শন কৰিলে চৰাইদেউ মৈদাম ক্ষেত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in