মায়ঙত আছুৰ মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতি

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই অভ্যৰ্থনা সমিতিৰ ব্যস্ততা বাঢ়িছে

author-image
Asomiya Pratidin
New Update
মায়ঙত আছুৰ মৰিগাঁও অধিৱেশনৰ আদৰণি সমিতি

ডিজিটেল সংবাদ, মায়ংঃ সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই অভ্যৰ্থনা সমিতিৰ ব্যস্ততা বাঢ়িছে। অভ্যৰ্থনা সমিতিৰ এটা সজাতি দলে অষ্টাদশ অধিৱেশনখনি সকলো দিশৰ পৰা সফল কৰি তোলাৰ ক্ষেত্ৰত সহায় সহযোগ বিচাৰি শনিবাৰে মৰিগাঁও জিলাৰ ৬খনকৈ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে মায়ঙৰ ৰাইজৰ সতে মত বিনিময় কৰে।

অধিৱেশন উপলক্ষে আদৰণি সমিতিৰ সভাপতি তথা নিৱন্ধকাৰ মিলেশ্বৰ পাতৰ, সম্পাদক তথা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু উপদেষ্টা হৰেন্দ্ৰ বৰা, জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল নাথ, সম্পাদক ৰূপজ্যোতি মেধি প্ৰমুখ্যে আদৰণি সমিতিৰ একাংশ বিষয়ববীয়াই মায়ঙৰ ৰজা মায়ং প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ সতে মত বিনিময় কৰে।

ইয়াৰ পূৰ্বে নেতৃবৃন্দই জাগী ভকতগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়, মনহা, বুৰাবুৰী, বৰদিয়া জি এন বি আৰু মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ সতে আলোচনাত মিলিত হয়। প্ৰতিখন বিদ্যালয়ত আছুৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীক উষ্ণ আদৰণি জনায়।

ৰজা মায়ং প্ৰাথমিক বিদ্যালয়ত ৰাইজৰ সতে হোৱা আলোচনাত মায়ঙৰ ৰাইজে প্ৰতিখন গাঁৱৰ পৰা ঘৰে ঘৰে গৈ ৫০ কুইণ্টল চাউল সংগ্ৰহ কৰি অধিৱেশনৰ আহাৰৰ বাবে যোগান ধৰিব বুলিও প্ৰকাশ কৰে। ছাত্ৰ সন্থাৰ নেতৃবৃন্দই মায়ঙৰ ৰাইজে লোৱা সিদ্ধান্তক ভূয়সী প্ৰশংসা কৰে।

Also Read: যোৰহাটত য়ুথ ফুটবল লীগঃ কাকজান উপ-ক্ৰীড়া সন্থা চেম্পিয়ন

ALL ASSAM STUDENT UNION