যোৰহাটত য়ুথ ফুটবল লীগঃ কাকজান উপ-ক্ৰীড়া সন্থা চেম্পিয়ন

যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাটত চলি থকা ১৫ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
যোৰহাটত য়ুথ ফুটবল লীগঃ কাকজান উপ-ক্ৰীড়া সন্থা চেম্পিয়ন

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাটত চলি থকা ১৫ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাত কাকজান উপ-ক্ৰীড়া সন্থাই চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ সহযোগত শনিবাৰে উত্তৰ যোৰহাটৰ কল্যাণী খেলপথাৰত অনুষ্ঠিত হোৱা ১৫ বছৰ অনুৰ্ধ্ব য়ুথ ফুটবল লীগ প্ৰতিযোগিতাৰ শনিবাৰে দুখন ছেমিফাইনেল খেলৰ লগতে চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

Advertisment

ইয়াৰে প্ৰথমখন ছেমিফাইনেলত ৰমাকান্ত ফুটবল ক্লাবে ৰঞ্জিত ক্লাবক ট্ৰাইবেকাৰৰ সহায়ত ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত উপনীত হয়। ইফালে দ্বিতীয়খন ছেমিফাইনেলত কাকজান উপ-ক্ৰীড়া সন্থাই কেন্দ্ৰীয় ক্লাব টীয়ক দলক ৩-১ গলৰ ব্যৱধানত পৰাজিত কৰি ফাইনেলত উপনীত হয় আৰু চূড়ান্ত খেলত কাকজান উপ-ক্ৰীড়া সন্থাই‌ প্ৰতিযোগিতাখনিৰ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলখনৰ প্ৰথমাৰ্ধৰ ১৪ মিনিটত কাকজানৰ হৈ অংকুৰ বৰুৱাই দিয়া গলৰ সহায়ত ১-০ গলৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত পুনৰ ২০ মিনিটত কাকজান উপ ক্ৰীড়া সন্থাৰ মৃণ্ময় বৰুৱাই এটা গল দি ২-০ গলৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয়ৰ্ধৰ ৩২ মিনিটত নাছিবুৰ ইছলামে দিয়া এটা গলৰ সহায়ত কাকজান উপ-ক্ৰীড়া সন্থাই ৩-০ গলত জয়ী হয়।

খেলৰ অন্তত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাখনৰ আঁত ধৰে জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি দ্বিজেন শইকীয়া আৰু কাৰ্যনিৰ্বাহ সদস্য দুৰ্লভ নাৰায়ন বৰুৱাই। চেম্পিয়ন দল কাকজান উপ-ক্ৰীড়া সন্থাক বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী আৰু প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ বৰুন দত্তই। ৰাণাৰ্চ আপ দল ৰমাকান্ত ফুটবল ক্লাবক বঁটা প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু ৩৬ নং নাওবৈছা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱাই। উল্লেখ্য যে, চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰা মৃণ্ময় বৰুৱাক বঁটা প্ৰদান কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ চেয়াৰমেন ললিত বড়াই। প্ৰাক্তন ৰাজ্যিক খেলুৱৈ বৰুন দত্তই উদ্ধোধন কৰা খেলখন পৰিচালনা কৰে ৰাজীৱ শইকীয়াই।

Also Read: ছালাকাটিত এবিএমছুৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

football