আটোমটোকাৰিকৈ সজোৱা হৈছে মায়ঙৰ এটি ভোটকেন্দ্ৰ...

ভোটদাতাৰ বাবে আছে বহু সুবিধা, মাতৃ-শিশুৰ বাবেও আছে আছুতীয়া কক্ষ
আটোমটোকাৰিকৈ সজোৱা হৈছে মায়ঙৰ এটি ভোটকেন্দ্ৰ...

ডিজিটেল সংবাদ,মায়ং : ২৬ এপ্ৰিল, শুকুৰবাৰে অসমৰ ৫সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। ইয়াকেলৈ এতিয়া কেউটা সমষ্টিতে ব্যস্ততাৰ অন্ত নাই। এনেহেন ব্যস্ততাৰ মাজতে মায়ঙৰ এটি ভোটকেন্দ্ৰই দৃষ্টি কাঢ়িছে ৰাইজৰ।

এক কথাত অসমৰ ভিতৰতে ব্যতিক্ৰমী এই ভোটকেন্দ্ৰটি ! মৰিগাঁও জিলাৰ মায়ঙৰ বানে গৰকা অঞ্চলত আছে এই ভোটগ্ৰহণ কেন্দ্ৰটো। জিলা সদৰৰ পৰা ৪৫ কিলোমিটাৰ দুৰত্বত অৱস্থিত এই ভোটগ্ৰহণ কেন্দ্ৰটি চালে চকুৰোৱা পৰিৱেশে বিৰাজ কৰিছে।

বিয়াৰ পেণ্ডেলৰ দৰে সজাই পৰাই তোলা এই ভোটকেন্দ্ৰটি আছে মায়ঙৰ পাভকাতি গাঁৱত। ভোটকেন্দ্ৰটি আছে মৰিসুতি টোপ নতুন প্ৰাথমিক বিদ্যালয়ত। ভোটকেন্দ্ৰটোত ভোটদাতা ৰাইজৰ বাবে সকলোখিনি ব্যৱস্থা ৰখা হৈছে বুলি জানিবলৈ দিয়ে।

ভোটাৰসকলক আদৰিবলৈ সন্মুখত এখন টোৰণ সজোৱা হৈছে। ভিতৰত ধুনীয়া এটা পেণ্ডেল। ৰ'দ-বৰষুণ নপৰিবলৈ যাৱতীয় ব্যৱস্থা কৰা হৈছে। প্ৰথমে ভোটদাতা ৰাইজে প্ৰৱেশ কৰিয়েই খাব পাৰিব পানী। তাৰ পিছতেই বিদ্যালয়ৰ তৰফৰ পৰা একাপ চাহ আৰু বিস্কুট।

ইয়াৰোপৰি চিকিৎসাৰ বাবে সুকীয়া কক্ষ, শিশুক দুগ্ধ পান কৰাবলৈ সুকীয়া কোঠা, বিষয়া তথা চি আৰ পি এফসকল নিশা শুবৰ বাবে সাজু কৰি ৰখা হৈছে বিছনা।

সকলোৰে সুবিধা হোৱাকৈ অনাময় ব্যৱস্থাও আটকধুনীয়াকৈ সজোৱা হৈছে। ভোটগ্ৰহণ পৰ্বৰ পূৰ্বে বৃহস্পতিবাৰে ভোটকেন্দ্ৰটোত উপস্থিত হোৱা চি আৰ পি এফৰ জোৱানসকল অহাৰ লগে লগেই ফুলাম গামোছাৰে আদৰিছে পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে ইতিমধ্যে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জিলা শিক্ষা বিষয়াগৰাকীয়ে ভোটকেন্দ্ৰটি পৰিদৰ্শন কৰি গৈছে। এই ভোটকেন্দ্ৰটি এটা আদৰ্শ কেন্দ্ৰ হিচাপে ৰাইজৰ মাজত চৰ্চা চলিছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এই সকলোবোৰ সুব্যৱস্থা সম্ভৱ হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষক চাকিৰ আহমেদৰ বাবে। এইক্ষেত্ৰত অন্যতম সহযোগী হিচাপে আছে পৰিচালনা সমিতিখন।

আটোমটোকাৰিকৈ সজোৱা হৈছে মায়ঙৰ এটি ভোটকেন্দ্ৰ...
অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলৰ চমন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in