কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবীত সংবাদমেল

কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবীত সংবাদমেল

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ তিনি আলিৰ পৰা নুমলিগড়লৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ সংবাদমেলযোগে দাবী জনাই কলিয়াবৰৰ ফ'ৰলেন দাবী সমিতিয়ে। বৃহস্পতিবাৰে জখলাবন্ধাৰ বাঘযানস্থিত বাঞ্চাৰা হোটেলত অনুষ্ঠিত এখনি সংবাদমেলত এই কথা উল্লেখ কৰে।

সংবাদমেলত ফ'ৰলেন দাবী সমিতিৰ উপদেষ্টা হিৰু প্ৰসাদ মহন্তই কয় যে, জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দাবীৰে বিগত ২০০৮ চনৰ পৰাই আন্দোলনৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। জখলাবন্ধা চহৰৰ মাজেৰে যদি চাৰিলেনযুক্ত পথটি নিৰ্মাণ নহয় তেন্তে ঐতিহাসিক জখলাবন্ধা অঞ্চলটো মৰিশালিত পৰিণত হ'ব।

আনহাতে কলিয়াবৰ তিনিআলিৰ পৰা নুমলিগড়লৈকে প্ৰস্তাৱিত চাৰিলেনযুক্ত পথক লৈ ৰাইজৰ মাজত ইতিমধ্যে বিভ্ৰান্তি সৃষ্টি হোৱা দেখা গৈছে। কলিয়াবৰৰ জখলাবন্ধা, কুৱঁৰীটোল, কুঠৰী আদি অঞ্চলৰ ৰাইজ এতিয়া প্ৰস্তাৱিত চাৰিলেনযুক্ত পথক লৈ সন্দিহান, লেহেমীয়া গতিয়ে ৰাইজক ভবাই তুলিছে ।

কলিয়াবৰ তিনিআলিৰ পৰা পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় (নতুন ৭১৫) ঘাইপথ হৈ জখলাবন্ধা চহৰৰ মাজমজিয়াইদি যোৱাৰ বাবে সংবাদমেলত দাবী জনায় । হিৰু প্ৰসাদ মহন্তই লগতে কয় যে, ইতিমধ্যে দুই এক প্ৰকৃতি প্ৰেমীয়ে প্ৰতিবছৰে কাজিৰঙাত যান-বাহনৰ খুন্দাত বহুতো বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ তথ্য দাঙি ধৰিছে কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ লগে লগে উৰণ সেতু নিৰ্মাণ হ'লে কাজিৰঙাৰ বন্যপ্ৰাণীসমূহ ভাল ধৰণেৰে সুৰক্ষিত হ'ব।

সংবাদমেলত ফ'ৰলেন দাবী সমিতিৰ সভাপতি তৃষাৰাণী শইকীয়া, সদস্য বিপুল হাজৰিকা, দেৱেন কোঁৱৰ, প্ৰদীপ লস্কৰ, প্ৰশান্ত ভৌমিক, ধ্ৰুৱজ্যোতি বৰগোহাঞি, তৰুণ বৰগোহাঁই, দীপ‌ গোঁহাই, চাৰু গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে।

কলিয়াবৰত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰাৰ দাবীত সংবাদমেল
ৰজা মায়ঙৰ ৫০ বিঘা শালিধানৰ খেতিত বন্যপ্ৰাণীৰ উপদ্ৰপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in