ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনৰ মুকলি সভাত ৪খন গ্ৰন্থ উন্মোচন

ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনৰ মুকলি সভাত ৪খন গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
ছাত্ৰ সন্থাৰ মৰিগাঁও অধিৱেশনৰ মুকলি সভাত ৪খন গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,মায়ং : মৰিগাঁৱত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ অধিৱেশন। বৃহস্পতিবাৰে অনুষ্ঠিত মুকলি অধিৱেশনত ৪খন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থ কেইখন হৈছে- 'কলং কপিলী','মিছিল','সাউদ' আৰু 'বজ্ৰ নিনাদ'।

অজিত শৰ্মাৰ সম্পাদনাত অধিৱেশনৰ মূল স্মৃতিগ্ৰন্থ 'কলং কপিলী',নৱ ৰাজনৰ সম্পাদনাত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ 'মিছিল',লেখক অচ্যুত কুমাৰ দাসৰ সম্পাদনাত ভোলানাথ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত গৱেষণা ধৰ্মী গ্ৰন্থ 'সাউদ' আৰু কেন্দ্ৰীয় সমিতিৰ সম্পাদনাত 'বজ্ৰ নিনাদ' নামৰ গ্ৰন্থকেইখন উন্মোচন কৰা হয়। বিশিষ্ট অতিথিৰ দ্বাৰা কেউখন গ্ৰন্থ উন্মোচন কৰা হয়।

Also Read: ৰঙাকুৱাত সোণাৰাম দাস সোঁৱৰণী ন্যাসৰ উদ্যোগত শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

ALL ASSAM STUDENT UNION book aasu