মৰিগাঁও জিলা পৰিষদত ৩৫ লাখ টকাৰ বৃহৎ কেলেংকাৰী:অভিযন্তাৰ চহী জাল কৰি সৰকালে লাখ লাখ টকা

সভাগৃহৰ মেৰামতিৰ নামত প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আৰু কম্পিউটাৰ সহায়কৰ লুণ্ঠন

author-image
Asomiya Pratidin
New Update
মৰিগাঁও জিলা পৰিষদত ৩৫ লাখ টকাৰ বৃহৎ কেলেংকাৰী:অভিযন্তাৰ চহী জাল কৰি সৰকালে লাখ লাখ টকা

ডিজিটেল সংবাদ,মায়ং: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাৰ্যালয় বোৰত কু শাসন প্ৰতিৰোধ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এতিয়াও একাংশ চৰকাৰী কাৰ্যালয়ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ অবাধ লুণ্ঠন অব্যাহত আছে। চৰকাৰী ধন লুণ্ঠন চলাই এইবাৰ বিতৰ্কত নাম সাঙোৰ খাইছে মৰিগাঁও জিলা পৰিষদৰ এগৰাকী প্ৰাক্তন কাৰ্যবাহী বিষয়া আৰু কাৰ্যালয়টোৰ কম্পিউটাৰ সহায়ক সহ দুগৰাকীমান কৰ্মচাৰীৰ।

Advertisment

তথ্য অনুসৰি মৰিগাঁও জিলা পৰিষদ কাৰ্যালয়ত ৩৫ লাখ টকাৰ এক ভয়াবহ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে।খোদ জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া গৰাকীৰ নেতৃত্বত এই কেলেংকাৰী হোৱা বুলি জানিব পৰা গৈছে। মৰিগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ বেংক একাউন্টত ২০১৪ চনৰ ডি ডি পি ফাণ্ডৰ সুদৰ টকা জমা আছিল ৩৫ লাখ ৮০ হাজাৰ টকা।সেই টকা ২০২৩ বৰ্ষত জিলা পৰিষদ কাৰ্যালয়ৰ তলৰ মহলাৰ কনফাৰেঞ্চ হলৰ মেৰামতি আৰু সংস্কাৰ কৰাৰ বাবদ খৰচ কৰিবলৈ উঠিপৰি লাগে লুণ্ঠনকাৰী বিষয়া কৰ্মচাৰী সকল।

মাত্ৰ ৭/৮ লাখ টকাৰ কাম কৰিয়েই ৩৪ লাখ টকা ইতিমধ্যে সৰকাই ভাগ বিতৰণ কৰি লোৱা বুলি জিলা পৰিষদ কাৰ্যালয়ৰ ভিতৰে বাহিৰে সৰৱ চৰ্চা চলিছে।কোনো ধৰণৰ প্ৰাক কলন প্ৰস্তুত নকৰাকৈ বৃহৎ পৰিমাণৰ ধন কিদৰে খৰচ কৰিলে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে। নতুনকৈ যোগদান কৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰুথ লিয়েনথাঙে উন্নয়ন মূলক আঁচনিৰ ফাইল বোৰত চকু ফুৰাওতে এই সমস্ত দুৰ্নীতি আৰু কেলেংকাৰীৰ তথ্য পোহৰলৈ আহে।তাৰ পিছতেই চকু কপালত উঠে বিষয়া গৰাকীৰ।

কৰিমগঞ্জৰ পৰা বদলি হৈ আহি নিৰ্বাচনৰ আগে আগে মৰিগাঁও জিলা পৰিষদত যোগদান কৰা নতুন মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে অৱশ্যে এই পৰ্যন্ত কোনো মন্তব্য প্ৰকাশ কৰা নাই। যদিও কেলেংকাৰী সংঘটিত হোৱাৰ এক ইংগিত দিয়া পৰিলক্ষিত হৈছে। ফলত কিছু দিন ধৰি গৰম হৈ আছে কাৰ্যালয়ৰ ভিতৰ চৰা। সূত্ৰটোৰ মতে কাৰ্যালয়টোৰ ৰামপ্ৰসাদ শইকীয়া নামৰ কনিষ্ঠ অভিযন্তা গৰাকীৰ চহী জাল কৰি এজন অস্থায়ী কম্পিউটাৰ সহায়কৰ জৰিয়তেই সমুদায় ধন উলিয়াই নিবলৈ সক্ষম হৈছে।প্ৰাপ্ত তথ্য মতে নতুনকৈ ৭ টা এ চি, ১১৩ খন চকীৰ সামান্য মেৰামতি, বাথৰুমৰ টাইলচ আৰু দুখন বেৰত কাঠৰ পেনেল লগাই কিছু সংস্কাৰ কৰিয়েই দায়িত্ব সামৰিছিল উক্ত দুৰ্নীতিত জড়িত বিষয়া কৰ্মচাৰীয়ে।

বৃহৎ পৰিমাণৰ ধনৰাশি খৰচ কৰিবলৈ জিলা পৰিষদৰ সমিতি খনৰ অনুমোদন আছিল নে নাই সেই কথা বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এই কেলেংকাৰী ফাদিল হোৱাৰ পিছত জিলা আয়ুক্তৰ ৰোষত পৰাৰ ভয়ত অতি সংগোপনে এতিয়া অন্য এজন অভিযন্তাৰ হতুৱাই প্ৰাক কলন প্ৰস্তুত কৰিছে। কাৰ্যালয়ৰ ভিতৰে বাহিৰে ৰং মৰা কাম আৰম্ভ কৰিছে। মৰিগাঁও জিলা পৰিষদৰ এই দুৰ্নীতি অনিয়ম গাপ দিবলৈ ধন আত্মসাৎ কৰা সকলে যিমানেই চেষ্টা নকৰক কিয় তদন্ত কৰিলেই সকলো তথ্য জলজল পটপটকৈ ওলাই পৰিব সেয়া একপ্ৰকাৰ নিশ্চিত। কাৰণ ৩৫ লাখ ৮০ হাজাৰ টকাৰ ভিতৰত সামান্য কাম কৰি ভুৱা বিল ভাউচাৰ জমা দি বেংকৰ পৰা ৩৪ লাখ টকা ইতিমধ্যে উলিয়াই লৈ ভাগ বিতৰণ কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

বৰ্তমান যিখন প্ৰাক কলন প্ৰস্তুত কৰিছে সেইখনত বিভিন্ন কামৰ বাবদ বেছি বেছি কৈ খৰচ হোৱা দেখুৱাইছে যদিও ২৬ লাখ অতিক্ৰম কৰিব পৰা নাই বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত জিলা আয়ুক্তই তদন্তত হাত দিয়াৰ লগে লগেই সকলো কেলেংকাৰী অনিয়ম দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিব।প্ৰাক কলন আৰু বিল ভাউচাৰ সমূহত চকু ফুৰালেই সকলো সত্য ওলাই পৰিব। উল্লেখ্য যে এই ক্ষেত্ৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে মৰিগাঁও জিলাৰ সচেতন মহলে।

Also Read: অসমত অবৰ্ণনীয় বান পৰিস্থিতি!

Morigaon Zila Parishad